বিদায় বুলি নকওঁ
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
অশ্রুসিক্ত নয়নৰ চকুলো,
শব্দযুক্ত বিবেকেৰে ক’লো।
দুখবোৰেই সলাই বাগৰ,
সুখবোৰৰ নালাগে ভাগৰ।
সুখ হৈ জিলিকি ৰ’ব
দেৱীৰ চকুত মোৰ কামনা,
মোৰ অন্তৰতে প্ৰতিপল
সৃষ্টি তোমাৰ থাপনা।
বিদায় বুলি নকওঁ
আকৌ লগ পাম,
দুর্গা মা’ৰ আশীষ ল’বলৈ
পূজালৈ আকৌ যাম।