মাজুলী মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাংকিন কে’বাং সম্পন্ন

মাজুলী মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাংকিন কে’বাং সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী মহাবিদ্যালয়ৰ মিছিং ছাত্ৰ অধ্যয়ন চক্ৰৰ উদ্যোগত আয়োজিত ২০২৫ বৰ্ষৰ নৱাগত আদৰণি সভা ‘কাংকিন কে’বাং’ আজি বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা মহাবিদ‍্যালয়ৰ কৰ্মচাৰী তথা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, মাজুলী মহাবিদ‍্যালয় গোটৰ পৰিচালক নাৰায়ণ শইকীয়া আৰু অনাময় কৰ্মী দীপক দাসৰ নেতৃত্বত শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে পৰিৱেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতেই গছপুলি ৰোপণ কৰে দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি সমীৰণ গামে। পুৱা ৮ বজাত পতাকা উত্তোলন কৰে মিছিং ছাত্ৰ অধ্যয়ন চক্ৰৰ সভাপতি বিতুপন দলেয়ে। পতাকা উত্তোলন কৰাৰ পিছতেই  জুবিন গাৰ্গলৈ আনুষ্ঠানিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ‍্যাপক দীনেশ পেগুৱে। পুৱা ৯ বজাত মহাবিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰৰ পৰা আনুষ্ঠানিকভাৱে নৱাগতসকলক মহাবিদ্যালয়-প্ৰাংগনলৈ আদৰি অনা হয়। আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা মিছিং ছাত্ৰ অধ্যয়ন চক্ৰৰ প্ৰাচীৰ পত্ৰিকা ‘ললাদ’ উন্মোচন কৰে অসম সাহিত‍্য সভাৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক সদস‍্য মনোজ‍্যোতি ৰেগনে। ১০.০০ বজাৰপৰা কেশৱৰাম বৰা প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বালন কৰি অনুষ্ঠানটি মুকলি কৰে মহাবিদ‍্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী তথা শিক্ষক গোটৰ সম্পাদৰ ডঃ অনুপ কুমাৰ দলেয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি শুভাৰম্ভ কৰা হয় ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত সংগীতেৰে। ডঃ অনুপ কুমাৰ দলেয়ে আঁত ধৰা সভাখন উদ্বোধন কৰি মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ অধ‍্যক্ষ জগতজ‍্যোতি সাতোলাই কয়, ছাত্ৰজীৱনৰ প্ৰতিটো পলৰ মূল্য উপলব্বি কৰিব পৰাজনহে প্ৰকৃত বিদ্যাৰ্থী। উদযাপন সমিতিৰ সম্পাদক পল টায়ুঙে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে  টি এম পি কেৰ মাজুলী জিলা সমিতিৰ সম্পাদক হেমন্ত মিলিয়ে শিক্ষাগুৰুসকলৰ নিৰ্দেশ মানি চলিলেহে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বতোপ্ৰকাৰ বৌদ্ধিক বিকাশ সম্ভব হ’ব বুলি মন্তব্য আগবঢ়ায়। সভাপতিৰ মন্তব্যত অধ্যক্ষ  ডঃ দেৱজিৎ শইকীয়াই কয়, নিজ কৰ্তব্যৰ প্ৰতি শ্ৰদ্ধাৱান শিক্ষাৰ্থীসকলৰ জীৱন সুখেৰে ভৰা হ’বই। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক নগেন্দ্ৰ নাথ সাতোলা, বিশিষ্ট শিল্পী অনিল পায়ুন, ক্ৰীড়া সংগঠক উদ্ধৱ দলে, সহকাৰী অধ্যাপক ডঃ ইন্দ্ৰনীল পেগু, মানসজ্যোতি ৰেগন, লিয়াৰ্ড প্ৰতিম ৰেগন, দিলেশ্বৰ পাঞাং, ৰমেশ চিৰাং, প্ৰাক্তন শিক্ষাৰ্থী দিব্যজোতি মিলি, ৰামচন্দ্ৰ সাতোলা। শেষত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ‍্যালয়ৰ সাধাৰণ সম্পাদক শংকৰজ‍্যোতি দলেয়ে। মুকলি সভাৰ পাছতে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা মহাবিদ্যালয়ৰ বছা বছা মিছিং শিক্ষাৰ্থী-শিল্পীৰ দ্বাৰা পৰিৱেশিত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সাজপাৰ প্ৰদৰ্শনী অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিল্পী, চিকিৎসক ডাঃ মাণিক মিলিয়ে। ছাত্ৰী মমী দলেয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথি শিল্পী ধৰ্মৰাগ পাংগিঙৰ লগতে প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত বৰ্ণিল গীত-নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।