‘ড্ৰাগছ অজামিলস্বৰূপ পিতৃবধী’
মাজুলী মহাবিদ্যালয়ত ড্ৰাগছ সম্পৰ্কীয় সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান সমাজৰ বাবে মহামাৰীৰ দৰে হৈ পৰা ড্ৰাগছ আসক্তিৰ বিষয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জাগৰণ অনাৰ উদ্দেশ্যে অসম আৰ্থ-সামাজিক আৰু স্বাস্থ্য উন্নয়ন সমিতিৰ দ্বাৰা পৰিচালিত অসম আৰু মেঘালয়ৰ ৰাজ্যিক সমন্বয় সংস্থাৰ উদ্যোগত তথা মাজুলী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনত এক বিশেষ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় । মহাবিদ্যালয়ৰ ‘পদ্মকান্তদেৱ গোস্বামী সভাকক্ষ’ত আয়োজিত অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই ‘ড্ৰাগছক আমাৰ সমাজত অজামিলস্বৰূপ পিতৃবধী’ বৰবিহ বুলি অভিহিত কৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে ড্ৰাগছ আসক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজক কিদৰে ক্ষতি কৰিছে তাৰ এক বাখ্যা আগবঢ়ায়।
লগতে নিচাজাতীয় দ্ৰৱ্যৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক আঁতৰাই ৰাখিবলৈ মহাবিদ্যালয়খনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ সকলোকে অৱগত কৰে। কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়াই নিজৰ সাৱলীল বক্তৃতাৰে ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে। অসমীয়া নাট ‘কানীয়া-কীৰ্ত্তন’ৰ প্ৰসংগ উল্লেখ কৰি আহোম ৰাজত্বকালত কানিৰ দৰে বৰবিহে অসমীয়া সমাজক যিদৰে ক্ষতিগ্ৰস্ত কৰিছিল সেইদৰেই বৰ্তমান ড্ৰাগছৰ আসক্তিয়ে সমাজখনক অস্থিৰ কৰি তুলিছে বুলি অভিহিত কৰে। ১৯৮৫ চনত ভাৰতবৰ্ষত প্ৰৱৰ্তিত হোৱা নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে প্ৰণয়ন হোৱা আইনৰ বিষয়ে ব্যাখ্যা কৰি বিগত বৰ্ষসমূহত ড্ৰাগছজনিত অপৰাধ কিদৰে বৃদ্ধি পাইছে তাৰ এক পৰিসংখ্যা সকলোৰে আগত দাঙি ধৰে। অনুষ্ঠানত বক্তব্য আগবঢ়াই অসম মেঘালয় ৰাজ্যিক সমন্বয় সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সন্দীপ হাঞ্চেই ড্ৰাগছ প্ৰতিৰোধৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীক এই মহাব্যাধিৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ আগবঢ়ায়।
বঙালমৰাৰ জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ মণিকা শইকীয়াই আঁত ধৰা অনুষ্ঠানত মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া কণিকা পাইট, সাংবাদিক ৰাজীৱ পাটিৰ, জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ সম্পাদক গৌতম কুমাৰ শইকীয়াই আৰু মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক আচাৰ্য মোহন দাসে বক্তব্যৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, সম্পাদক ডঃ অনুপ কুমাৰ দলে, অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, জ্যেষ্ঠ অধ্যাপক ডঃ ৰূপজ্যোতি বৰা, সুৰেন চন্দ্ৰ দাস, বিজয় টিমুং, সুদৰ্শনা ফুকন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ লগতে দ্বিশতাধিক শিক্ষাৰ্থী উপস্থিত থাকি সমল ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ড্ৰাগছৰ বিভীষিকাৰ বিষয়ে সকলোকে সজাগ কৰাৰ সংকল্প গ্ৰহণ কৰে।