ঝাৰখণ্ডত আইইডি বিস্ফোৰণত অসমৰ জোৱান নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডত উগ্রপন্থীয়ে সংঘটিত কৰা এক আইইডি বিস্ফোৰণত অসমৰ এজন চি আৰ পি এফ জোৱান শ্বহীদ হয়। ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত শুকুৰবাৰে নিশা সংঘটিত হয় আইইডি বিস্ফোৰণটো। সেই বিস্ফোৰণত নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ নামৰ জোৱানজন শ্বহীদ হয়। বীৰ জোৱানজনে শুকুৰবাৰে নিশা ১১-১২জনীয়া ৬০ বেটেলিয়নৰ দল এটাৰ সৈতে টহল দি আগবাঢ়ি গৈ থাকোঁতে এই বিস্ফোৰণটো সংঘটিত হয় বুলি তেওঁৰ কামপুৰৰ বাসগৃহলৈ খবৰ আহে। এই বিস্ফোৰণত মহেন্দ্ৰ লস্কৰ থিতাতে নিহত হোৱাৰ লগতে আন জোৱানসকল আহত হয় বুলি জানিব পৰা গৈছে। দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ কোনোকালে নভবা খবৰটো অহাৰ পিছত কান্দোনত ভাগি পৰিছে মাতৃ, পত্নী, সন্তানৰ লগতে সমগ্ৰ পৰিয়াল। শ্বহীদ বীৰগৰাকীৰ বিয়োগৰ খবৰটোত তেওঁৰ আপোন গাঁওখনৰ উপৰি সমগ্র কামপুৰতে শোকৰ ছাঁ পৰিছে। আনহাতে শনিবাৰে শ্বহীদ মহেন্দ্ৰ লস্কৰক ৰাঁচীৰ চি আৰ পি এফ শিবিৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ গংগৱাৰ, কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় শ্বেঠ, ঝাৰখণ্ডৰ মুখ্য সচিব, আই জি চি আৰ পি এফৰ ডি জি পিকে ধৰি কেইবাগৰাকীও বিষয়াই শ্বহীদ মহেন্দ্ৰ লস্কৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।