১ নৱেম্বৰৰ পৰা কাৰ্যকাৰী হোৱাকৈ চীনৰ ওপৰত অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হৈ ড’নাল্ড ট্রাম্পে শুল্কবোমাৰে বিশ্বৰ দেশসমূহক ত্রাসিত কৰি ৰাখিছে। এইবাৰ হঠাতে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ ওপৰত ক্ষুব্ধ হৈ মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে দেশখনৰ বিৰুদ্ধে অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা এই অতিৰিক্ত ১০০ শতাংশ শুল্ক অহা ১ নৱেম্বৰৰ পৰা বলবৎ হ’ব। ট্রাম্পৰ অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত চীনৰ বিৰুদ্ধে আমেৰিকাৰ শুল্কৰ হাৰ হ’ব ১৪০ শতাংশ। ১ নৱেম্বৰৰ পৰা এই নতুন শুল্ক বলবৎ হ’ব বুলি ঘোষণা কৰা হৈছে যদিও তাৰিখ আগুৱাই আহিবও পাৰে। হোৱাইট হাউছে প্রকাশ কৰা মতে, যদি চীনে আমেৰিকাৰ ওপৰত কোনো আক্রমণাত্মক পদক্ষেপ কৰিব বিচাৰে তেতিয়াহ’লে অক্টোবৰৰ পৰাই এই নতুন শুল্ক বলবৎ কৰা হ’ব। বিৰল খনিজ পদাৰ্থ ৰপ্তানিৰ ওপৰত চীনে নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিততে হঠাতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ ওপৰত ক্ষুব্ধ হৈ ট্রাম্পে এই সিদ্ধান্ত গ্রহণ কৰে। ছ’চিয়েল মিডিয়া ট্রুথত ৰাষ্ট্ৰপতি ট্রাম্পে কয়- চীনৰ এই পদক্ষেপে সমগ্র বিশ্বত প্রভাৱ পেলাব। সেইকাৰণে আন্তর্জাতিক বাণিজ্যত চীনৰ দাদাগিৰি খৰ্ব কৰিবলৈ আমেৰিকাই দীর্ঘকালীন পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্রহণ কৰিছে।