জিএমচিএইচৰ পাঁচজনীয়া বিশেষজ্ঞ সমিতিলৈ জুবিনৰ ভিছেৰা প্ৰতিবেদন প্ৰেৰণ

Pc NDTV

জিএমচিএইচৰ পাঁচজনীয়া বিশেষজ্ঞ সমিতিলৈ জুবিনৰ ভিছেৰা প্ৰতিবেদন প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-   শনিবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক গৱেষণাগাৰৰ পৰা আহিল শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন। এছআইটিৰ মুৰব্বী তথা চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই সংবাদ মেলযোগে এই কথা সদৰী কৰিছে। মুন্নাপ্রসাদ গুপ্তাই  কয় যে জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে শিল্পীগৰাকীৰ দেহৰ পৰা ভিছেৰা আঁতৰাই ৰাখি নতুন দিল্লীলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। তেওঁলোকে আজি উক্ত প্রতিবেদন আমালৈ পঠিয়াইছে। প্রতিবেদনখন লাভ কৰাৰ পাছতে এছআইটিৰ তৰফৰ পৰা সেইখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৫জনীয়া বিশেষজ্ঞ সমিতিলৈ প্ৰেৰণ কৰা হৈছে। মুন্নাপ্রসাদ গুপ্তাই লগতে কয় যে ইতিমধ্যে জিএমচিএইচত সম্পন্ন হোৱা শিল্পীগৰাকীৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সৈতে ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন একেলগ কৰি বিশেষজ্ঞ সমিতিয়ে সম্পূর্ণ প্রতিবেদনখন প্ৰস্তুত কৰিব। তাৰ পাছত অহা ১৩ অক্টোবৰত সম্পূৰ্ণ প্রতিবেদন জিএমচিএইচৰ তৰফৰ পৰা এছআইটিৰ হাতত জমা দিয়া হ’ব। সম্পূর্ণ প্রতিবেদনখন অহাৰ পাছতে তাৰ প্ৰতিলিপি তদন্তকাৰী বিষয়াই হাতে হাতে শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গক প্রদান কৰাৰ লগতে ৰেজিষ্ট্ৰার্ড পোষ্টযোগেও আন এটা প্রতিলিপি পৰিয়ালবৰ্গক প্ৰদান কৰা হ’ব বুলি তেওঁ লগতে কয়। উল্লেখ্য যে ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনখনে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত সত্যক স্পষ্ট কৰিব। প্ৰকৃততে শিল্পীগৰাকীৰ মৃত্যু বিহপান কৰোৱাৰ বাবে হৈছিল নে আন কাৰণত হৈছিল সেয়া এই প্রতিবেদনখনত স্পষ্ট হৈ উঠিব।