জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত তথ্য উদ্ধাৰক লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে তীব্রগতিত তদন্ত অব্যাহত ৰখাৰ সময়তে চলি থকা তদন্তক লৈ এছআইটিৰ মুৰব্বী তথা চিআইডিৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই  সংবাদমেল সম্বোধন কৰে।  সংবাদমেল জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তেওঁ কয়,তদন্ত ভালদৰে চলি আছে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে অসম আৰক্ষীয়ে গোচৰটো লোৱাৰ লগে লগে ছিংগাপুৰৰ ঘটনাস্থলীত তদন্ত চলোৱাৰ দাবী ৰাইজে উত্থাপন কৰিছিল। সংবাদ মেলযোগে এছআইটিৰ মুৰব্বী মুন্নাপ্রসাদ গুপ্তাই ছিংগাপুৰলৈ যোৱা-নোযোৱাৰ সন্দৰ্ভত কয় যে এখন বিদেশী ৰাষ্ট্ৰ হোৱা বাবে ছিংগাপুৰত তদন্ত কৰাৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা আছে। এখন দেশৰ আৰক্ষীয়ে বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকৈ তদন্ত ইচ্ছা কৰিলেই কৰিব নোৱাৰে। এইক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আইন অথবা চুক্তিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত-ছিংগাপুৰৰ মাজত মিউচুৱেল লিগেল এছিছটেন্টছ ট্রিটি, চমুকৈ এমএলএচি নামৰ এখন চুক্তি আছে। আমি সেইমতে কাম কৰিব লাগিব। এইক্ষেত্ৰত বিষয়টোৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি তদন্তৰ বাবে প্ৰয়োজনীয় বিষয়বোৰ পত্ৰৰ আকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰৰ চেন্ট্রেল ন’ডেল এজেঞ্চী ‘এটর্নী জেনেৰেল অফিচ লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তদন্তৰ বাবে প্রয়োজনীয় ভিডিঅ’ ফুটেজৰ পৰা আৰম্ভ কৰি সকলোখিনি তথ্য তেওঁলোকে আমাক যোগান ধৰিছে। নিজাববীয়াকৈ আমি ছিংগাপুৰ প্ৰশাসনৰ অনুমতি নোহোৱাকৈ তাত তদন্ত চলাব নোৱাৰোঁ। ইয়াৰ বাবে তেওঁলোকে আমাক ভিছা দিব লাগিব। অৱশ্যে যদিহে টুৰিষ্ট ভিছাৰ জৰিয়তে তালৈ গৈ মনে মনে তথ্য-প্রমাণ সংগ্ৰহ কৰিলেও ভাৰতৰ আদালতত সেইবোৰ গ্ৰহণযোগ্য নহ’ব। ছিংগাপুৰ আৰক্ষীৰ সহযোগতে যিখিনি তদন্ত চলাব লাগে আমি কৰিব পাৰিম। অৱশ্যে বর্তমানেও ছিংগাপুৰৰ ভাৰতীয় উচ্চাযুক্তৰ জৰিয়তে এটর্নী জেনেৰেল অ’ফিচৰ সৈতে অসম আৰক্ষীয়ে যোগাযোগত আছে বুলি মন্তব্য কৰি গুপ্তাই কয় যে তেওঁলোকে যদি অনুমতি দিয়ে, আমি নিশ্চয়কৈ ছিংগাপুৰৰলৈকে যাম। আনহাতে অসম আৰক্ষীৰ চমনমৰ্মে এছআইটিৰ জেৰাত হাজিৰ হোৱা ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতাৰ পাছত আন ১০গৰাকী অভিযুক্তই অসমলৈ আহি নিজৰ ভাষ্য দিয়াৰ সলনি ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ভাষ্য দিয়াৰ বাবে দিয়া প্রস্তাৱ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গুপ্তাই পুনৰ কয় যে ভিডিঅ’ ষ্টেটমেন্ট নহয়, তেওঁলোকে ইয়ালৈ আহি নিজৰ ভাষ্য দিবই লাগিব। ৰূপকমল কলিতাই ভাষ্য প্রদান কৰাৰ পাছতে ইতিমধ্যে আন ১০জন অসমীয়াক চমন জাৰি কৰা হৈছে বুলি তেওঁ কয়। পূর্বতে ৮জনক ৬ অক্টোবৰৰ ভিতৰত এছআইটিৰ জেৰাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাছত শেহতীয়াকৈ আন তিনি প্রবাসী অসমীয়া ক্রমে ভাস্কৰজ্যোতি দত্ত, প্রতিম ভূঞা আৰু জিঅ’ লাংচাট নাৰ্জাৰীক নতুনকৈ চমন দিয়া হৈছে। ৰূপকমল কলিতাৰ বাদে উপস্থিত নোহোৱা আন ৭জন অসমীয়াসহ মুঠ ১০জনক অতিশীঘ্ৰেই জেৰাত হাজিৰ হ’বলৈ কঠোৰ নিৰ্দেশ এছআইটিয়ে প্রদান কৰিছে। তেওঁ কয় যে অভিযুক্ত ১১জন লোকেই য়াটত আছিল। তেওঁলোকে যিয়েই নকওক কিয় এইবাৰ কিছু কঠোৰ হৈছে এছআইটি। হাজিৰ হোৱাৰ বাবে নতুন সময়সীমা তেওঁলোকক প্রদান কৰা হৈছে। কোনোধৰণৰ বিলম্ব নকৰাকৈ জাননীখন পোৱাৰ লগে লগে হাজিৰ হোৱাৰ কঠোৰ নিৰ্দেশ এছআইটিৰ তৰফৰ পৰা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনক দিয়া হৈছে। অৱশ্যে ইয়াৰ পাছতো যদিহে তেওঁলোকে এছআইটিৰ জেৰাত উপস্থিত নহয়, তেন্তে কিধৰণৰ ব্যৱস্থা লোৱা হ’ব বুলি সাংবাদিকে পুনৰ সোধাত গুপ্তাই কয় যে নির্দিষ্ট সময়ৰ ভিতৰত তেওঁলোক হাজিৰ নহ’লে আইন অনুসৰি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হ’ব। বিদেশী ৰাষ্ট্ৰত থকা কোনো লোকক চমন জাৰি কৰাৰ পাছতো হাজিৰ নহ’লে অনাৰ বাবে আইন অনুসৰি বহু ব্যৱস্থা আছে। তেওঁলোকে স্বইচ্ছাই নাহিলে উক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ অসম আৰক্ষী বাধ্য হ’ব।