বিটিচিৰ নৱনিৰ্বাচিত ৪০ গৰাকী পাৰিষদৰ ৩৭ গৰাকী পাৰিষদৰ শপত গ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে বিটিচি সচিবালয়ৰ বিধান পৰিষদৰ মজিয়াত বিটিচিৰ নৱনিৰ্বাচিত ৪০ গৰাকী পাৰিষদৰ ভিতৰত ৩৭গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপতগ্ৰহণ কৰে। কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত বিটিচি বিধান পৰিষদৰ প্ৰটেম অধ্যক্ষ ত্রিদীপ দৈমাৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপতবাক্য পাঠ কৰায়। উল্লেখ্য যে বিটিচিৰ নৱ-নির্বাচিত পাৰিষদসকলৰ শপতগ্রহণ অনুষ্ঠানত ইউপিপিএলৰ সভাপতি তথা পাৰিষদ প্রমোদ বড়ো, ইউপিপিএলৰ আন এগৰাকী পাৰিষদ ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োই শপতগ্রহণ অনুষ্ঠানত উপস্থিত থকা দেখা নগ’ল। বিটিচিৰ প্রটেম’ অধ্যক্ষ ত্রিদিপ দৈমাৰীয়ে হাগ্রামা মহিলাৰী, ৰিহণ দৈমাৰী, ৰবিৰাম নাৰ্জাৰী, দাওবাইছা বড়ো, লৌমশ্রাও দৈমাৰী, ধীৰাজ বৰগয়াৰী, দিগন্ত বৰুৱাসহ বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ ৩৭ গৰাকী পাৰিষদক শপতবাক্য পাঠ কৰোৱায়। ইয়াৰে ১৫জনে বড়ো ভাষাত, ১৫জনে ইংৰাজী ভাষাত আৰু ৭জন পাৰিষদে অসমীয়া ভাষাত শপতবাক্য পাঠ কৰে। ইপিনে শপতগ্রহণ অনুষ্ঠানৰ পিছতে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ হিচাপে ত্ৰিদীপ দৈমাৰীক সর্বসন্মতি ক্রমে মনোনীত কৰা হয়। বিটিচিৰ হৰিশিঙা সমষ্টিৰ পৰা জয়লাভ কৰা ত্ৰিদীপ দৈমাৰী বিপিএফৰ বিগত কার্যকালত ২০১৫ চনৰ পৰা ২০২০ চনলৈ বিটিচি বিধান পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে উপাধ্যক্ষ পৰৱৰ্তী পৰ্যায়ত বাছনি কৰা হ’ব বুলি জানিব পৰা গৈছে। ইপিনে বিটিচিৰ প্ৰথম অধিৱেশনৰ পিছতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীয়ে উপ-মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰী আৰু বিপিএফৰ সকলো পাৰিষদকলৈ বিটিচিৰ মুখ্য সচিব আৰু বিষয়াসকলৰ স’তে ৰুদ্ধদ্বাৰ বৈঠকত বহে। উক্ত বৈঠকৰ পিছতে আয়োজন হোৱা এক সংবাদ মেলত হাগ্রামা মহিলাৰীৰ উদ্ধৃতি দি বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে কয় যে ইউপিপিএল চৰকাৰৰ দিনত গঠন হোৱা সকলো ব’ৰ্ড, নিকায়, নিগমসমূহ ভংগ কৰা হৈছে। শীঘ্রেই ভিচিডিচি, টিচিএলচিচি, টাউন কমিটী, উন্নয়ন প্রাধিকৰণসমূহ নতুনকৈ গঠন কৰা হ’ব আৰু নতুনকৈ গঠন নোহোৱাপর্যন্ত কার্যবাহী বিষয়াই দায়িত্বত থাকিব বুলি সদৰী কৰে।