নিৰ্মলা শাৰদী – ৰীতা বেজ মহন

Pc- অসমীয়া ৱিকিপিডিয়া

নিৰ্মলা শাৰদী

ৰীতা বেজ মহন,চৰাইদেউ

নীলিম আকাশৰ তলত
শুভ্ৰ শেৱালি জোপা
ডালভৰি ফুলিছে।
স্নিগ্ধ জোনাক নিশা
বিমুগ্ধ হিয়াখন উলাহত
উঠলি উঠিছে।
আহিনৰ আগমৰ লগে লগেই
শৰত আহিছে
নিয়ৰসিক্ত দুৱৰিত
শেৱালীৰ পাহিবোৰ
উবুৰি খাই পৰিছে।
ধৰণীৰ বুকুলৈ শৰত অহাৰ পৰতেই
দূৰ্গা দেৱীৰ আগমনত
আকাশ বতাহ মুখৰিত হৈ পৰিছে।
মাদলৰ চেৱে চেৱে
নৃত্যৰতা মিনি হঁতে
জীৱনৰ স্পন্দন যেন
আকৌ ঘূৰাই পাইছে।
পূৰ্ণিমাৰ জোনবাইজনীয়ে
অকপতে শীতলতা ভৰা
স্নিগ্ধ পোহৰ বিলাইছে।
সন্ধিয়া পৰত পদূলি মূৰত থকা
বকুল জোপাত বহি অচিনা পখীটিয়ে
সুমধুৰ মাতেৰে প্ৰকৃতিৰাণীক
অনাবিল সুখৰ সুষমা যাঁচিছে।
বকুল বৃন্দাবনত পৰিণত হোৱা
পৃথিৱীৰ চুকে কোণে
কলীয়া কানাইৰ
সুৰীয়া বাঁহীৰ সুৰে
সকলোকে উন্মনা কৰি তুলিছে।
শাৰদীয় জোনাকত বহি
মনৰ মধুৰতা উপভোগ কৰিবলৈ
নৈ পৰীয়া কহুৱানিখনলৈ
কপৌহালিও এতিয়া ঢাপলি মেলিছে।