মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু সত্যাগ্ৰহ নীতিৰ ওপৰত আলোকপাত – নাছিৰ আহমেদ

pc Wikimedia Commons

মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু সত্যাগ্ৰহ নীতিৰ ওপৰত আলোকপাত

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাজনৈতিক মতাদৰ্শ  ( Political ideology of Mahatma Gandhi) কেইবাটাও ধাৰণা, যেনে — অধিবিদ্যামূলক আদৰ্শবাদ আৰু নৈৰ্ব্যক্তিক সত্য, অহিংসা নীতি, সত্যাগ্ৰহ নীতি, ৰাষ্ট্ৰ সম্পৰ্কে ধাৰণা, ৰাষ্ট্ৰ সম্পৰ্কে মাৰ্ক্সীয় ধাৰণাৰ পৰা পৃথক ধাৰণা, স্বৰাজ সম্পৰ্কে , আন্তৰ্জাতিকতাবাদ সম্পৰ্কে , নৈৰাজ্যবাদ সম্পৰ্কে , সৰ্বোদয় সম্পৰ্কে,ধৰ্ম আৰু ৰীতিনীতি সম্পৰ্কে ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে যদিও  মূলতঃ অহিংসা নীতি আৰু সত্যাগ্ৰহ নীতিৰ ওপৰত তেওঁৰ  ৰাজনৈতিক মতাদৰ্শ গঢ়ি উঠিছে বুলি দৃঢ় ভাৱে ক’ব পাৰি।

মহাত্মা গান্ধীৰ অহিংসা নীতি (Gandhi’s concept of Non-violence ) সত্যাগ্ৰহ নীতিৰ ( Satyagraha) ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।

মানৱ-সভ্যতাৰ ক্ৰমবিকাশৰ ধাৰাৰ পৰাই জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা নীতি আৰু ইয়াৰ উদ্দেশ্য সম্পৰ্কে সন্ধান লাভ কৰিছিল। মানৱ ইতিহাসৰ এই অহিংস গতিধাৰা সম্পৰ্কীয় মহাত্মা গান্ধীৰ বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত প্ৰভূত পৰিমাণে প্ৰভাৱ পেলাইছিল হিন্দু ধৰ্মৰ ঐতিহ্য, বৌদ্ধ ধৰ্মৰ অহিংসা নীতি, যীশুৰ প্ৰেম সম্পৰ্কীয় বাণীসমূহ আৰু ইছলাম ধৰ্মৰ শান্তিৰ বাৰ্তা। তেওঁ নিজেই যিহেতু হিন্দু ধৰ্মাৱলম্বীৰ এজন নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল, তেওঁৰ ওপৰত হিন্দু ধৰ্মৰ বেদ, ভাগৱত, পুৰাণ, গীতা আৰু উপনিষদৰ প্ৰভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা যায়।

তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ ধৰ্ম বিশ্বাস, সততা, নৈতিকতা আদি মানৱীয় প্ৰমূল্যবোধ তেওঁৰ ওপৰত সদৰ্থক ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে।

অধ্যাপক বিশ্বনাথ প্ৰসাদ বৰ্মাই ( B P Varma) তেওঁৰ ৰচিত  ” Modern Indian Political Thought) শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছে যে, ” He ( Gandhi) interpreted history in the terms of the progressive indication of the superiority of Ahimsa.” অহিংসা গান্ধীদৰ্শনৰ মূল মন্ত্ৰ। মহাত্মা গান্ধীয়ে গোটেই জীৱন ধৰি এই অহিংসা নীতি অৱলম্বন কৰি ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ প্ৰতি ধাৱিত হৈছিল। তেওঁ কৈছিল, ” Non-violence is the first article of my faith. It is also the last article of my creed. “

মহাত্মা গান্ধীৰ ৰাজনৈতিক মতাদৰ্শ হিচাপে অহিংসা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ-স্বৰূপ, দূৰ্বলতাৰ পৰা দূৰত্ব বজাই ৰাখে। অহিংসা হ’ল, বীৰোচিত আত্মাৰ স্থিৰসংকল্প শক্তিৰ অটল অভিব্যক্তি। অহিংসা হ’ল চূড়ান্ত নৈতিক আৰু আধ্যাত্মিক চেতনাবোধৰ প্ৰতীক।

গান্ধীৰ মতে অহিংসা মাথোঁ এটি নেতিবাচক ধাৰণা নহয় । প্ৰতি হিংস্ৰ আচৰণ বা ক্ষতি সাধন কৰা ধাৰণাই মাথোঁ অহিংসা নীতি নহয়। অহিংসা হ’ল সম্পূৰ্ণ ৰূপে সদৰ্থক ধাৰণা। প্ৰেম,সৎচিন্তাৰ  মাজেৰে  অহিংসাৰ অভিব্যক্তি ঘটে।

মহাত্মা গান্ধীৰ মতানুসৰি সত্য আৰু অহিংসা পৰস্পৰ সম্পৰ্কযুক্ত। কাপুৰুষ ব্যক্তি কেতিয়াও অহিংস পথৰ পথিক হ’ব নোৱাৰে। সত্যাশ্ৰয়ী আৰু সাহসী ব্যক্তিয়ে কেৱল অহিংসাৰ সাধনা কৰিবলৈ সক্ষম হয়। সত্যাশ্ৰয়ী আৰু সাহসী ব্যক্তিয়ে বিপদত বিচলিত নহয়, ভয়ক জয় কৰে আৰু অহিংসা নীতি অৱলম্বন কৰি যাৱতীয় প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰাৰ সাহস ৰাখে। নিৰ্ভয় মানুহৰ মন অহিংস হ’ব পাৰে। প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ কথা কবলৈ গৈ গান্ধীয়ে কৈছিল যে, অহিংস প্ৰতিৰোধৰ শক্তিশালী অস্ত্ৰ। ভীতগ্ৰস্ত হৈ আনুগত্য প্ৰকাশ দূৰ্বলতাৰ নামান্তৰ। বৰঞ্চ তাতকৈ তেওঁ হিংসাত্মক প্ৰতিৰোধক ওপৰত স্থান দিছে।

অহিংসাৰ পথ আৰু নীতি লৈ জাতিৰ পিতা মহাত্মা গান্ধীয়ে নিৰন্তৰ পৰীক্ষা-নিৰীক্ষা চলাই গৈছিল মানৱ কল্যাণৰ আৰু ন্যায়ৰ ধাৰণা  এই ক্ষেত্ৰত তেওঁক প্ৰেৰণা দান কৰিছিল। অহিংসা নীতি লৈ  এই পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে আছিল মহাত্মা গান্ধীৰ সত্যানুসন্ধান আৰু আত্মানুসন্ধান। তেওঁৰ অহিংসা নীতিৰ শ্ৰমৰ মৰ্যাদাৰ কথাও জড়িত আছে। এই প্ৰসংগত তেওঁ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত এই অহিংসা নীতিৰ কৰ্মসূচী অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ দিছিল। গান্ধীয়ে শিশুৰ অহিংস-বোধৰ বিকাশৰ প্ৰয়োজনত এই শিক্ষা ব্যৱস্থা চালু কৰাৰ পৰামৰ্শ দিছিল।

মহাত্মা গান্ধীয়ে গোটেই জীৱন ধৰি অহিংসা নীতিৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই এটি প্ৰকৃত সত্যত উপনীত হৈছিল বাস্তৱতে এই পৃথিৱীৰ বৰ্তমান সমাজ-ব্যৱস্থাত অহিংসা নীতি সম্পূৰ্ণ ৰূপে প্ৰয়োগ কৰা অসম্ভৱ ; সেয়ে প্ৰয়োজন সাপেক্ষে কেতিয়াবা কেতিয়াবা হিংসাৰ আশ্ৰয়ো ল’ব লগা হ’ব পাৰে।

মহাত্মা গান্ধীৰ সত্যাগ্ৰহ দৰ্শন পৰ্যালোচনা  কৰিলে কেইবাটাও বৈশিষ্ট্য উন্মোচিত হোৱা দেখা যায়।

(ক) সত্যাগ্ৰহ হ’ল এক আত্মিক শক্তি। সকলো ধৰণৰ অন্যায়, অবিচাৰ, অত্যাচাৰ, নিৰ্যাতন, শোষণ, হত্যা,লুট আৰু ধৰ্ষণৰ বিৰুদ্ধে এই আত্মিক শক্তিৰ সক্ৰিয় ভূমিকা লক্ষ্য কৰা  দেখা যায়। অৱশ্যে সত্যাগ্ৰহীৰ মনত এই অশুভ শক্তিৰ বিৰুদ্ধে কোনো বিদ্বেষ ভাৱ নাথাকে। কাৰণ, সত্যাগ্ৰহৰ তত্ত্বত প্ৰতিপক্ষৰ ওপৰত বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে প্ৰেম-ভালপোৱাৰ মাধ্যমেৰে প্ৰতিপক্ষৰ হৃদয় জয় কৰিব বিচৰা হয়।

(খ)  সত্যাগ্ৰহ হ’ল ব্যক্তিৰ জন্মগত অধিকাৰৰ দৰে। কিন্তু সত্যাগ্ৰহৰ আদৰ্শ অনুসৰণৰ বাবে ব্যক্তি জীৱনৰ আত্ম-শৃংখলাৰ যেনেকৈ দৰকাৰ, তেনেকৈ থাকিব লাগিব দুখ-যন্ত্ৰণা সহ্য কৰাৰ প্ৰস্তুতি আৰু ক্ষমতা।

(গ) বিভিন্ন ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক,ধৰ্ম, দৰ্শন আদি পথত অগ্ৰসৰ হওতে সত্যাগ্ৰহ নীতিক পাথেয় হিচাপে গণ্য কৰিব পাৰি। কিন্তু সত্যাগ্ৰহৰ সকলো ধৰণৰ উপায়-পদ্ধতিৰ মূল ভিত্তি হ’ব অহিংসা নীতি। সত্যাগ্ৰহ অনুশীলনৰ মূল উপায়-পদ্ধতিৰ মাজত উল্লেখযোগ্য হ’ল প্ৰতীকী বা আমৰণ অনশন , অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ধৰ্ণা,ধৰ্মঘট, বিদেশী দ্ৰব্য-সামগ্ৰী বৰ্জন,চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যসূচী বৰ্জন, গণ-সমাবেশ , হৰতাল, গণ-মিছিল, ষ্ট্ৰাইক,চৰকাৰে প্ৰদান কৰা সন্মান বা পদবী, বঁটা-বাহন প্ৰত্যাখ্যান ইত্যাদি। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনত এইবোৰেই আছিল সত্যাগ্ৰহ নীতিৰ শক্তিশালী ব্ৰহ্মাস্ত্ৰ!

(ঘ) নিষ্ক্ৰিয় প্ৰতিৰোধ সত্যাগ্ৰহৰ সমাৰ্থক নহয়। সত্যাগ্ৰহৰ লগত নিৰ্মল হৃদয়ৰ আবেগ জড়িত হৈ থাকে। আৰু সামাজিক, ৰাজনৈতিক, কলা কৃষ্টি সাহিত্য, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতেই সত্যাগ্ৰহ আদৰ্শক অনুসৰণ কৰা হয়।

(ঙ) সত্যাগ্ৰহ হ’ল শক্তিমানৰ প্ৰধান অস্ত্ৰ। হীনবলৰ হাতত ই শোভা নাপায়।  সত্যাগ্ৰহ আদৰ্শত হিংসাত্মক ধ্যান -ধাৰণা আৰু ভীৰু-কাপুৰুষালিৰ হীনমন্যতাৰ স্থান নাই। গান্ধীয়ে ভীৰুতাক কেতিয়াও কোনোভাবেই স্বীকাৰ বা সমৰ্থন কৰা নাই  ; বৰঞ্চ কাপুৰুষালি বা হিংস্ৰতাৰ ক্ষেত্ৰত তেওঁ নীৰবে হিংস্ৰতাক মানি লৈছিল। অন্যায়-অবিচাৰৰ নীৰৱ দৰ্শক হৈ থকা আৰু সত্যৰ ওপৰত অসত্যৰ কৰ্তৃত্ব কায়েম হোৱা সত্যাগ্ৰহ নীতিৰ বিৰোধী।

(চ) সত্যাগ্ৰহ সূত্ৰত দ্বিবিধ সুবিধা পোৱা যায়। সত্যাগ্ৰহৰ মাধ্যমত বাদী আৰু বিবাদী , নিপীড়িত আৰু নিপীড়িনকাৰী উভয়েৰে উপকাৰ হয়।

মহাত্মা গান্ধীৰ সত্যাগ্ৰহ তত্ত্বও বিৰোধ আৰু বিতৰ্কৰ উৰ্ধত নহয়। সমালোচকসকলেও সত্যাগ্ৰহ দৰ্শনৰ সীমাবদ্ধতাৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰে। সত্যাগ্ৰহ নীতিৰ বিৰুদ্ধে বিভিন্ন বিৰূপ সমালোচনা আগবঢ়োৱা হয়। ছি এম কেছ (C M Case) প্ৰণীত ” Non-violent coercion : A Study  in Methods of Social Pressure ” গ্ৰন্থত এই বিষয়ে তেওঁ বিস্তৃত ভাৱে প্ৰকাশ কৰি লিখিছে, ” Neither of the alternatives appeals to his desires or his judgement, yet he is compelled by the situation to choose between them. ” অৰ্থাৎ তেওঁৰ অভিমত অনুসৰি সত্যাগ্ৰহৰ বিভিন্ন উপায়-পদ্ধতি বাস্তৱে বল প্ৰয়োগ হিচাপে প্ৰতিপন্ন হয়।

তথাপি সত্যাগ্ৰহ আদৰ্শৰ আধাৰত যি আত্ম-নিয়ন্ত্ৰনৰ ওপৰত জোৰ দিয়া হয়  ; ইয়েই মানুহৰ সমুন্নত নৈতিক বিকাশ,সত্য আৰু ন্যায়ৰ বাবে আত্মকষ্ট সহ্য কৰাৰ ক্ষমতা আহৰণ, উদ্দেশ্য আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে সুসংহত প্ৰচেষ্টা প্ৰভৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মহাত্মা গান্ধীৰ সত্যাগ্ৰহ দৰ্শন এবিধ অতি মাত্ৰাত আদৰ্শবাদী হোৱা সত্ত্বেও  তাত্ত্বিক বিচাৰত ই গ্ৰহণযোগ্য বুলি বিবেচিত হৈছে।

মুঠতে, জাতিৰ পিতা মহাত্মা গান্ধীৰ ৰাজনৈতিক মতাদৰ্শ মূল ভেটি নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত অহিংসা নীতি আৰু সত্যাগ্ৰহ নীতিয়ে প্ৰধান অৰিহণা যোগাইছিল আৰু দেশৰ স্বাধীনতা আন্দোলনত এক শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছিল।