শৰৎৰ শেৱালী
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা
গৈছিলোঁ সেইদিনা কোমল ভৰিৰে
বাটৰ বোকা-পানী গচকি গচকি
তোমাৰ সুগন্ধিত মতলীয়া হৈ
কাৰণ তুমি যে মোৰ প্ৰণয়ৰ আবেগ।
সেই সেউজীয়া শৈইচৰ পথাৰৰ
সোণোৱালী ৰূপ লোৱা স্বৰ্ণৰাজ্যৰ
পাৰে পাৰে এখোজ এখোজ কৰি
আগুৱাই গৈছিলোঁ তোমাৰ কাষলৈ।
আধা বাটতে লগ পোৱা প্ৰণস্পদ
মৰম বৰ্ষিল মূৰৰ ওপৰত পলকতে
আৱৰি ধৰিলে মন-প্ৰাণ-দেহ
তথাপি দীঘল খোজ দিলোঁ আগলৈ ।
এটা গাঁও দুটা গাঁও কত যে গাঁও
ডেউদি পথাৰ ডেউদি বৰষুণ নেওচি
বোকা-পানী গচকি আহিলোঁ তোমালৈ
কাৰণ তুমি যে মোৰ জীৱনৰ
প্ৰথম অনুভৱ প্ৰণয়ৰ।
মতলীয়া হওঁ মই বাৰং বাৰ
তোমাৰ মনোমুগ্ধকৰ স্নিগ্ধ সুবাসত
পাহৰি যাওঁ নিজকে নিজে তেতিয়া
মাথোঁ স্মৃতিৰ ৰাজ্যত তোমাৰ বিচৰণ।