জুবিনদাৰ গানৰ তালে তালে – বাহাৰুল ইছলাম 

Pc NDTV

জুবিনদাৰ গানৰ তালে তালে 

বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
হয়ৰাণ আজি
মাজুলীৰ দুখ পোৱা সেই ছোৱালী জনী
হয়তো হৃদয় বিদাৰী বিচাৰিছে
কোনেও খবৰ এটা নকৰিলেও
তুমিয়েই চোন তাইৰ কষ্ট বুজি পাইছিলা ।
মায়াবিনী ৰাতিৰ বুকুত
আধৰুৱা সপোনক থৈ গুচি গ’লা
সজীৱ হৈ থকা দৃশ্যবোৰে লগ নেৰে চিৰদিন
চাইকেলেৰে টিউচন যোৱা
পিছে পিছে তাই যোৱা
বেকাবেকিকৈ চাই থকা
কলেজৰ কেন্টিনৰ গজা,চিঙৰা খোৱাৰ
কি যে ময়াপী দৃশ্য!
আকাশ চুবৰে মনে
উৰিব লৈ গ’ল ওপৰৰ পৰা ওপৰলৈ
পাখি লগা মনে কিয় বাৰে বাৰে মাতে
সাগৰৰ তলদেশত
আকাশে ৰিঙিয়াই মাতোতে দেখোন
হঠাতেই উৰি গুচি গ’লা ।
মায়া মায়া মাথোঁ মায়া
চৌপাশে সিঁচৰতি মৰমে মাথোঁ বিচাৰে মৰম
উজনিৰ ৰেলখনি ৰৈ আছে এতিয়ালৈ
জোনমনি,ৰুণজুন, অনামিকা,মেঘালি
আৰু কতজনে হয়তো ৰেলগাড়ীতেই আছে
কেৱল তোমাৰ অপেক্ষাত
মাছলৈ যাওঁ বুলি নগ’লা
ল’ৰাৰ মাকে বৰকৈ বিচাৰিছে
আহে বা নাহে বুলি।
গানে কি আনে সুৰৰ সোপানে সোপানে
আহে বা নাহে মতলীয়া বতাহজাক
আজি জোনাকৰ দেশত অভিমানী মন
তাৰ পৰাই শুনা গৈছে
আগলি বাঁহৰে গগণাৰ সুৰ।
কোনে মচি দিব
ৰাস্তাৰ কাষৰ সেই মগনীয়াজনৰ চকুলো?
কোনেবা সান্ত্বনা দিব পথৰ দাঁতিৰ
সেই দুখীয়া হোটেলৰ গৰাকীক
কাৰ পৰশত হাঁহি বিৰিঙাব
হাত,ভৰি নথকা সকল?
কোনে খুৱাই দিব সেই ভোকাতুৰ কুকুৰবোৰক
শুভ্ৰ বগলীজনীও যেন পাখি মেলি চাই আছে
একেথৰে জুবিন দা যোৱাৰ বাটলৈ
নাহৰ জোপা দেখোন মৰহি গৈছে
আগতিয়াকৈ
আৰু তুমি!
আলহী হৈ গুচি গ’লা অজান ঠাইলৈ।
নায়ক আৰু মহানায়ক হৈ উৰিছা
অনুৰাগী আৰু শুভাকাংক্ষীয়ে চকুলোৰে গাইছে
এৰি নেযাবি নেযাবি যাবি লগতে লৈ
বিচাৰিছে কাষতে
চোৱানা এবাৰ তুমি
কেৱল ৰৈ ৰৈ বিনাইছে।