গামোচা
চিমী বৰুৱা ,মৰিগাঁও
পতাকাৰ দৰে উৰুৱা
অসমী আইৰ শুভ্ৰ ৰঙীন দাপোন,
মাটিৰ সুবাসে গাঁথি দিয়া
পিতাইৰ গলাধনে কিমান ঘামৰ বিনিময়ত
পোহৰ হয় আইৰ আখলৰ ভাত এসাঁজ,
পিঠি পোনাব নোৱাৰা পিতাইৰ হাঁহিত
আইৰ আঁচলত বুভুক্ষাৰ মুঠি মুঠি ধান,
বʼহাগী বিহুৱাৰ ঢোল- পেঁপাত
উজলি উঠে গামোচাৰ সঁচা গীত,
নহয় কেৱল এখন বস্ত্ৰ
ই অসমী আইৰ ইতিহাস, ই জীৱনৰ ৰং,
মূৰত বন্ধা শ্ৰমিকৰ গামোচাখন
পৰিচয় বহন কৰেনে জীয়া জীৱনৰ গান ?
জীয়াই থাকক অনাদি অনন্ত কাল
চেনেহী আইৰ আঙুলিৰ পৰশৰ প্ৰাণ,
অসমীয়াৰ গৌৰৱ তুমি
বুকুৱে বুকুৱে জীয়াই ৰখাৰ পণ!!