জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা-পৰেশ বৈশ্যক নিলম্বন

জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা-পৰেশ বৈশ্যক নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ সৈতে থকা দেহৰক্ষীদ্বয় নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক নিলম্বন কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ কনিষ্টবল ৰূপে কৰ্মৰত দুয়োজনে বিগত পাঁচ বছৰ ধৰি শিল্পীগৰাকীৰ চৰকাৰী দেহৰক্ষী ৰূপে নিয়োজিত আছিল। ধন-সম্পত্তিক কেতিয়াও বৰ বিশেষ গুৰুত্ব নিদিয়া শিল্পী জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টৰ জৰিয়তে বিগত পাঁচটা বছৰত লেনদেন হৈছিল প্রায় এক কোটি বিশ লাখ টকা। বৃহৎ পৰিমাণৰ এই ধনৰ লেনদেন সন্দর্ভত এছআইটিয়ে দুবাৰকৈ দুয়োজন দেহৰক্ষীকে জেৰা চলাইছিল। শিল্পীগৰাকীক বিভিন্ন সময়ত গান গোৱাৰ বাবদ বহু প্রযোজকে ধন আদায় দিছিল, কিন্তু নগদ ধন কেতিয়াও নিজৰ লগত নৰখা জুবিন গার্গে দুয়োজন বিশ্বাসী দেহৰক্ষীক ধনসমূহ নিজৰ একাউণ্টত ৰাখি থ’বলৈ কৈছিল। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, নন্দেশ্বৰ বৰাৰ একাউণ্টৰ পৰা প্ৰায় ৭৫ লাখ আৰু পৰেশ বৈশ্যৰ একাউণ্টত প্রায় ৪৫ লাখ টকাৰ আদান-প্ৰদানৰ তথ্য এছআইটিয়ে লাভ কৰিছে। ধনসমূহ দেহৰক্ষীদ্বয়ে নিজৰ কামত ব্যৱহাৰ কৰিছিল নে শিল্পীগৰাকীক সময়মতে ঘূৰাই দিছিল সেই সন্দর্ভত তদন্ত এতিয়াও অব্যাহত আছে। দুয়োজনকে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অসম আৰক্ষীয়ে চাকৰিৰ পৰা নিলম্বন কৰিছে। জানিব পৰা মতে, দুয়োজনকে বিগত পাঁচ বছৰত তেওঁলোকৰ একাউণ্টৰ মাধ্যমেৰে লেনদেন হোৱা সকলো ধনৰ বিতং হিচাপ দাখিলৰ নিৰ্দেশ এছআইটিৰ তৰফৰ পৰা দিয়া হৈছে। যদিহে সঠিকভাবে দুয়োজনে সকলো হিচাপ দিব পাৰে তেতিয়া কোনোধৰণৰ সমস্যা নহয় বুলি জানিব পৰা গৈছে।