মুখ্যমন্ত্ৰীৰ তৰল বক্তব্য দুৰ্ভাগ্যজনক
নৰ্থ ইষ্ট ফেষ্টিভেলৰে জড়িত সকলোকে তদন্তৰ আওতালৈ আনক — আপ
ৰঙিলী বাৰ্ত্তাসেৱা- কাৰ গাৰ্লফ্ৰেণ্ড আজিৰ সময়কাৰ ঘৰলৈ গৈ ডীনাৰ কৰে, কোন জুবিন গাৰ্গৰ অনুৰাগী হয়, নহয়; — মুখ্যমন্ত্ৰীৰ এই তৰল কথা বতৰা বোৰে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ তদন্তত সহায় নকৰে, বৰঞ্চ তদন্তত বিভ্ৰান্তিৰ সৃষ্টি কৰিব ৷ এই মন্তব্য আম আদমি পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত তেখেতে কয় যে, অসমৰ প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যু ঘটনাটো সহজে ল’ব পৰা নাযায়, শিল্পী গৰাকীৰ মৃত্যু ৰহস্য ফাদিল হ’বই লাগিব ৷ জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত নিজ মুখেৰে প্ৰকাশ কৰিছে, গতিকে কোনে হত্যা কৰিলে, কাৰ নিৰ্দেশত হত্যা কৰা হ’ল আৰু কোন কোন জড়িত সেই তথ্য তদন্তত ওলাব লাগিব ৷ আজিৰ সময় ৰাজনীতি কৰা সময় নহয় বুলি মত প্ৰকাশ কৰি আপৰ নেতাজনে কয়, জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ফাদিল কৰি দোষীক কঠোৰ শাস্তি দিব পাৰিলেহে শিল্পী গৰাকীক শ্ৰদ্ধা কৰা হ’ব ৷ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে দুটা ফেক্টৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে বুলি দাবী কৰি আপ ৰ নেতাজনে কয়, নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো আয়োজক, য়টত উঠাসকল আৰু শিল্পী গৰাকীৰ সৈতে ছিংগাপুৰলৈ যোৱাসকল শিল্পী গৰাকীৰ মৃত্যুৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জগৰীয়া ৷ গতিকে এইসকলৰ সকলোকে সোধ পোছ কৰিব লাগে ৷ আম আদমি পাৰ্টীৰ স্পষ্ট স্থিতি — তদন্ত নিৰপেক্ষ আৰু নিখুঁত হ’ব লাগিব ৷ ইয়াৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাবধানত তদন্ত হ’ব লাগিব৷