বেদনা মোৰ প্ৰিয়
শৈলেন কুমাৰ, মিৰ্জা
বুকুৰ কলিজাত তিৰবিৰাই থকা বেদনা
খুলিখুলি খোৱা বহু যাতনা
নীৰৱে সহিব শিকিছো
মৌনতাৰে নিগৰা আস্ফালন
দহি জ্বলি পুৰিছে
বেদনাৰ যাতনা তীব্ৰতৰ হৈ
মন বিবেকত বাজিছে শংখঘণ্টা
মনে কয় ভাগৰি পৰা
বিবেক মোৰ বিপ্লৱী সত্ত্বা
ব্যথিত হৃদয়ত কান্দোনৰ জোৱাৰভাটা
সেমেকি উঠা দুচকুত মোৰ কিহৰ দুঃস্বপ্ন
তথাপি বেদনা মোৰ প্ৰিয়
ক্ষতবিক্ষত হোৱা হৃদয়ত
ভাঙি নপৰাৰ অযুত হেপাঁহ
দুখৰ সমাধিত মোৰ উন্মাদ নৃত্য
থানবান হোৱা হৃদয়ক
তুমি আহি জোৰা লগাই দিয়া
কালৰাত্ৰি অন্ধকাৰ বেদনাৰ উপহাস
তোমাৰ সান্নিধ্যতেই জীয়াই থকাৰ হাবিয়াস
যন্ত্ৰণা বেদনাবোৰে মোৰ প্ৰিয়
মেৰিয়াই ধৰা কালপাশৰ মাজত
নাভাগৰি হৰ্ষোল্লাসেৰে কৰো চিৎকাৰ
কলংকতে আছে অলংকাৰ
মই নিজক দিছো শ্ৰেষ্ঠ পুৰস্কাৰ
দুখবেদনাতে জাতিষ্কাৰ
নকৰিবা মোক তিৰস্কাৰ