অৰুণোদয় ৩.০ৰ শুভাৰম্ভ

অৰুণোদয় ৩.০ৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত অংশ লৈ অৰুণোদয় ৩.০ মুকলি কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৩৮ লাখতকৈ অধিক মহিলাক সামৰি লোৱা হ’ব। শুভাৰম্ভণী অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা- অৰুণোদয় এক আর্থিক সাহায্য নহয়, ই হৈছে ৰাজ্যৰ মাতৃ সমাজৰ প্ৰতি চৰকাৰৰ সন্মান আৰু কৃতজ্ঞতাৰ চিন। উল্লেখ্য যে অৰুণোদয় ৩.০ৰ শুভাৰম্ভণীৰ এই অনুষ্ঠানত সমৱেত ৰাইজৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ ২৫,৯৯১ স্থানত উপস্থিত হিতাধিকাৰীসকলক সম্বোধন কৰি কয়- ৰাজ্যৰ অন্ত্যোদয়া পৰিয়ালসমূহক অর্থিক সকাহ প্ৰদানৰ বাবে হাতত লোৱা স্বৰাজোত্তৰ অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি অৰুণোদয়ৰ অধীনত ৰাজ্য চৰকাৰে বছৰি ৫ হাজাৰ কোটি টকা ব্যয় কৰিব। ক’ভিডৰ পৰিৱেশত দৰিদ্ৰতাক সামৰি ল’বলগা হোৱা জনসাধাৰণক সকাহ দিয়াৰ লক্ষ্যৰে ২০২০ চনত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। প্রথম অৱস্থাত ইয়াৰ অধীনত ১৮ লাখ হিতাধিকাৰীক প্ৰতি মাহৰ ১০ তাৰিখে তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে মাহেকত ৮৩০ টকাকে প্ৰদান কৰা হৈছিল। ৰাইজৰ দাবী অনুসৰি ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা মাহেকীয়া এই ধন এহেজাৰ টকালৈ বৃদ্ধি কৰা হয়। ২০২২ চনৰ ১৪ নৱেম্বৰত আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ সংখ্যা ১০ লাখলৈ বৃদ্ধি কৰা হয় আৰু ২৮ লাখ হিতাধিকাৰীৰে অৰুণোদয় ২.০ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ৰাইজে বিচৰা অনুসৰি অৰুণোদয়ৰ অধীনত আগবঢ়োৱা ধনৰ পৰিমাণ ১,২৫০ টকালৈ বৃদ্ধি কৰা হয়। কিন্তু আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰিলেও বহু মহিলা এই আঁচনিৰ পৰা বাদ পৰি ৰ’ব লগা হয়। এই বিষয়টোক লক্ষ্য কৰিয়ে ৰাজ্য চৰকাৰে এইবাৰ অৰুণোদয় ৩.০ৰ প্ৰৱৰ্তন কৰিছে। বড়োলেণ্ড আঞ্চলিক পৰিষদৰ অধীনৰ জিলাকেইখনত শেহতীয়াকৈ অনুষ্ঠিত নিৰ্বাচনৰ বাবে এই আঁচনি ৰূপায়ণত কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হ’ব। অচিৰেই বিটিচিৰ ৬ লাখ হিতাধিকাৰীক এই আঁচনিত সামৰি লোৱা হ’ব। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয়- অৰুণোদয় আঁচনিক হিতাধিকাৰীকেন্দ্ৰিক আঁচনি বুলি বহুতে সমালোচনা কৰি আহিছে। কিন্তু এই আঁচনি হিতাধিকাৰীলৈ আগবঢ়োৱা এক আর্থিক সাহায্য নহয়, ই হৈছে ৰাজ্যৰ মহিলা আৰু মাতৃ সমাজৰ প্ৰতি ৰাজ্য চৰকাৰে আগবঢ়োৱা এক সন্মান তথা কৃতজ্ঞতাৰ চিহ্ন। বিৰোধী কংগ্রেছক এই প্রসংগতে সমালোচনা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- ৪০ লাখ মাতৃৰ আশীৰ্বাদ থকা চৰকাৰৰ নোম এডালো লৰাব নোৱাৰে কংগ্ৰেছে। অৰুণোদয়ক লৈ বিৰোধী কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াকো কয়- মাক সহায় কৰাটো অপৰাধ বা দোষ হ’ব নোৱাৰে। মাক আমি যিমানেই পূজা নকৰোঁ, যিমান সন্মান নকৰোঁ, তাৰ ধাৰ পূৰাব নোৱাৰোঁ। মাৰ ওচৰত আমি সদায়ে ঋণী।

সভাত ভাষণত তেওঁ কয়- যোৱা ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া অৰুণোদয়ৰ কিস্তিৰ সৈতে মিলাই অহা ফেব্ৰুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীসকলে ৰাজ্য চৰকাৰৰ পৰা এক ডাঙৰ উপকাৰ লাভ কৰিব। এক নৱেম্বৰৰ পৰা ৰেচন কার্ড থকা পৰিয়ালসমূহে সুলভ মূল্যৰ দাইল, নিমখ আৰু চেনি লাভ কৰিব। তদুপৰি অৰুণোদয় হিতাধিকাৰীসকলে ৰন্ধন গেছৰ প্ৰ-পত্ৰ জমা দিলে চৰকাৰে ৰাজসাহায্য হিচাপে ২৫০ টকা প্রদান কৰিব। মুখ্যমন্ত্রীয়ে কয়- নির্বাচনত আমাক ভোট দি জয় কৰালে সুলভ মূল্যত লাভ কৰিব মিঠাতেল। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয়- ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভর্তি, ছাত্রীসকললৈ বিনামূলীয়া চাইকেল-স্কুটী প্রদান, ছোৱালীৰ পঢ়া-শুনাৰ বাবে নিযুত মইনাৰ অধীনত আর্থিক সাহায্য প্ৰদানৰ দ্বাৰা দৰিদ্ৰসকলক সকাহ দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে কোনো বেমেজালি নোহোৱাকৈ আঁচনিৰ ধন লাভ কৰি থাকিবৰ বাবে বেংকৰ কেৱাইচি নথি-পত্র সময়মতে জমা দিবলৈ আহ্বান জনায়। আনহাতে অৰুণোদয় হিতাধিকাৰীসকলে ম’বাইল নম্বৰ সলনি হ’লে সেই বিষয়েও কর্তৃপক্ষক অৱগত কৰক। এতিয়াৰে পৰা প্ৰতিটো উন্নয়ন খণ্ডত এগৰাকীকে অৰুণোদয় সহায়ক থাকিব। হিতাধিকাৰীসকলে সন্মুখীন হোৱা যিকোনো অসুবিধাৰ বাবে অৰুণোদয় সহায়কক অভিযোগ দাখিল কৰিব পাৰিব আৰু ইয়াৰ বাবে চৰকাৰে অচিৰেই এটা ফোন নম্বৰ মুকলি কৰিব। এই ফোনৰ জৰিয়তেও হিতাধিকাৰীসকলে নিজৰ অভিযোগ চৰকাৰক জনাব পাৰিব। দুর্ভাগ্যবশতঃ কোনো হিতাধিকাৰীৰ মৃত্যু হ’লে সেই বিষয়ে চৰকাৰক অৱগত কৰি পৰিয়াল বা অন্য যোগ্য হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰিব পাৰিব। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- অৰুণোদয় আঁচনিৰ সফলতাই আন দেশৰ ৰাজ্যসমূহকো অনুপ্রাণিত কৰিছে। অসমৰ আদৰ্শৰে আজি ছত্তিশগড়, মধ্যপ্রদেশ, কর্ণাটক আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ দৰে ৰাজ্যয়ো অৰুণোদয় মডেল গ্ৰহণ কৰিছে। বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নার্লিকাৰে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই কেন্দ্রীয় অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগেও ভাষণ প্ৰদান কৰে। আজিৰ অনুষ্ঠানত সাংসদ ভুবনেশ্বৰ কলিতা, বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সুমন হৰিপ্রিয়া, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব ৰবি কোটা প্ৰমুখ্যে বিত্ত বিভাগ, জিলা প্রশাসন আৰু অন্যান্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।