দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এছআইটিক ওভতাই দিলে গৰিমাই

দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এছআইটিক ওভতাই দিলে গৰিমাই

ৰঙিলী বাৰ্ত্তাসেৱা-  শিল্পী জুবিন গাৰ্গৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ পাছতো গ্ৰহণ নকৰিলে শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গে। এছআইটিৰ সহকাৰী তদন্তকাৰী বিষয়া মৰমী দাসে চৰকাৰৰ হৈ জিএমচিএইচত ৰাজ্য চৰকাৰে দ্বিতীয়বাৰৰ বাবে সম্পন্ন কৰা শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন পৰিয়ালক অর্পণ কৰিছিল। কিন্তু প্রতিবেদনখন গ্রহণ নকৰাকৈ বিনয়েৰে তদন্তকাৰী বিষয়াৰ হাতত পুনৰ ওভতাই দিলে গৰিমা শইকীয়া গার্গে। সংবাদ মাধ্যমৰ সন্মুখত এই সন্দর্ভত গৰিমাই কয় যে আইনৰ কথা মই একো নাজানো। গতিকে প্রতিবেদনখন নল’লোঁ। যিহেতু তদন্ত এতিয়াও চলি আছে প্ৰতিবেদনৰ কথাখিনি ৰাজহুৱা কৰিলে কিবা কাৰণত চলি থকা তদন্তত ব্যাঘাত জন্মিব পাৰে। প্ৰতিবেদনখন মই ব্যক্তিগত সম্পত্তি বুলি ভবা নাই। সেইবাবে তদন্তকাৰী বিষয়াৰ হাততে ওভতাই পঠিয়াইছোঁ। তেওঁলোকৰ হাততে সেইখন থাকক। চলি থকা আইনী প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি গৰিমা শইকীয়া গার্গে পুনৰ কয় যে আইন ব্যৱস্থাত সম্পূর্ণ আস্থা ৰাখি মই আগবাঢ়িছোঁ। যি সময়ত য’তেই উপস্থিত হোৱাৰ কথা কোৱা হৈছে, মই তালৈকে গৈছোঁ। এছআইটিয়ে উচিত বিচাৰ যে কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তদন্ত লাহে লাহে হ’লেও ভালকৈ আগবাঢ়িছে। গতিকে ভাল ফলাফল পাম বুলি আশা কৰিছোঁ। তদন্ত প্ৰক্ৰিয়াক পানী নসৰকা ধৰণে আগুৱাই নিবলৈ বিশেষ তদন্তকাৰী গোটক কৰযোৰে অনুৰোধ জনাই তেওঁ আৰু কয় যে এতিয়া তদন্তত বহু কিবাকিবি কথা ওলাইছে। এই কথাবোৰ কিমান দূৰলৈ আৰু কেনেদৰে সত্য, কোন প্রকৃত দোষী সেয়া ওলাবই লাগিব। সেইদিনাখন তেওঁৰ সৈতে কি হৈছিল, আমি ভালকৈ জানিব বিচাৰোঁ। যদি কোনোবাই সঁচাকৈয়ে গুৰুতৰ অপৰাধ কৰিছে তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবই লাগিব। উল্লেখ্য যে এছআইটিৰ বিষয়া মৰমী দাসে প্রতিবেদনখন পৰিয়ালক দিয়াৰ লগতে কাহিলিপাৰাৰ বাসভৱনত শিল্পীপত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰৰ ভাষ্যও সংগ্ৰহ কৰে। এই সন্দৰ্ভত গৰিমা শইকীয়া গার্গে জানিবলৈ দিয়া মতে, শিল্পীগৰাকীক তেওঁ কেতিয়াৰ পৰা কেনেদৰে লগ পাইছিল আৰু তেওঁ কিধৰণৰ বস্তু বেয়া পাইছিল, ভাল পাইছিল এই সকলোবোৰ কথা তদন্তকাৰী বিষয়াই সোধা-পোছা কৰে। একেধৰণে শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰকো শিল্পীগৰাকী সন্দৰ্ভত বিভিন্ন কথা সোধা-পোছা কৰে এছআইটিৰ বিষয়াগৰাকীয়ে। অৱশ্যে ভাষ্য গ্ৰহণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এছআইটিৰ বিষয়া মৰমী দাসে কোনোধৰণৰ বিশেষ কথাৰ অৱতাৰণা নকৰাকৈ মাথোঁ কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন আমি তেওঁলোকৰ হাতত চমজাই দিলোঁ। গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰৰ ভাষ্য লিপিবদ্ধ কৰা হৈছে। তদন্তৰ খাতিৰত আন বিষয়সমূহ প্ৰকাশৰ পৰা তেওঁ বিৰত থাকে।