বাঁহী এটিৰ সুৰ হেৰাই গ’ল
মৃগাংক বৰুৱা,গোলাঘাট
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
ধুমুহাৰ সৈতে খেলা কৰি
উভতি নহাৰ বাটেৰে গৈ
এটি ব্রেকিং নিউজ হ’ল––
“Jubin is no more, having passed away”
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
জুবিন যুগৰ অন্ত হ’ল
প্রান্তে প্রান্তে গুণমুগ্ধ আজি ম্ৰিয়মান
শিশুৰ দৰেই নিৰ্মল হৃদয়খন
সাগৰ তলিতে পৰি ৰ’ল
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
মনৰ চিলা উৰুৱাৰ কথাটো মিছা হ’ল
হেৰ’ বাঁহী তোক ভাল পাওঁ দেহি বুলি
গাবলৈ যে সুৰীয়া কণ্ঠটি নাইকিয়া হ’ল
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
নিজানতে আধৰুৱা গানবোৰ অসমাপ্ত হৈ ৰ’ল
চুব খুজিলেই চুব নোৱাৰ দেশলৈ
সৃষ্টিৰ খনিকৰ গুছি গ’ল
মায়াবিনী ৰাতিত কেৱল
তোমাক বিচাৰিহে বহুজন মূক হৈ ৰ’ল
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
বিনিদ্ৰ ৰজনীৰ ৰিক্ত পদূলি মুখত
সজল সজল চকুৰে
আঘাটে বেৰা হাজাৰ জনতাৰ বুকুবোৰ শিক্ত হৈ ৰ’ল
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
আন যোৱা বাটে নোযোৱা
গণশিল্পী কোন বাটে গল
ইউকেলিপ্টাছৰ দৰে ওখ হ’ব খোজা গানৰ ঈশ্বৰ
অসৃষ্টিৰ বাটেৰে গৈ চিৰদিনৰ বাবে নিথৰ হ’ল
এটি বাঁহীৰ সুৰ হেৰাই গ’ল
মুকুটবিহীন সম্ৰাটজন ফটো ফ্ৰেমত বান্ধ খাই
তৰাৰ দেশতে ৰ’ল
ধূপ-ধুনাৰ ধোঁৱাৰে অসম ধুৱলী-কুৱঁলি হ’ল
তোমাৰ গানে মৃত্যুক শিল্পলৈ কৰি ৰূপান্তৰিত
তোমাৰ গানেৰে চৌদিশ মুখৰিত
তোমাৰ গানেৰে আজি জনগণ একত্ৰিত
তোমাৰ গান পৰিণত হ’ল এক শক্তিত
সেয়ে আজি তোমাৰ গানৰ অমিয়া সুৰ
হৃদয়ে হৃদয়ে,পদূলিয়ে পদূলিয়ে বাগৰি গ’ল
তাতেই তোমাৰ অমৰত্ব হ’ল…