জুবিন দাৰ আদর্শ – ড০ জিন্টুমনি বৰা

জুবিন দাৰ আদর্শ

ড০ জিন্টুমনি বৰা

মন পৰশা
হৃদয় ভেদি যোৱা
মিঠা অনুভৱ
দেহ বিচাৰৰ গীত,
প্ৰকৃতিৰ পৰশ,
ৰোমান্টিক গীত,
শৈশৱ,
মানুহক আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগোৱা
গীত বোৰ,
গাঁৱ, চহৰৰ অলেখ ছবি
দুচকুত ভাঁহি আহে
বহু কথা মানুহৰ বাবে,
সকলোৰে অন্তৰৰ বাবে,
বহুত সহায় আৰ্ত জনৰ বাবে,
ভাল পোৱাৰ অলেখ গীত,
সেয়ে আজি পাৰ ভঙা মানুহ
তোমাৰ নশ্বৰ দেহৰ অন্তিম দৰ্শনত।
মানুহ হৃদয়ংগম কৰিছে তোমাৰ উচ্চ আদৰ্শক
যি আদৰ্শ চিৰকাল ৰৈ যাব
অসমীৰ বুকুত,
পৃথিবীৰ বুকুত।