ডিব্ৰুগড় শাখা লেখিকা সংস্থাৰ ৰূপালী জয়ন্তী অধিৱেশন সম্পন্ন:: কেবাখনো গ্ৰন্থ উন্মোচন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় শাখা লেখিকা সংস্থাৰ ৰূপালী জয়ন্তী অধিৱেশনখনি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পতাকা উত্তোলন কৰে শাখাৰ সভাপতি অনিমা কোঁচ গগৈয়ে। সমান্তৰাল ভাবে ২৫ খন পতাকা উত্তোলন কৰে শাখাৰ বিষববীয়া তথা সদস্য সকলে। লেখিকা সংস্থা,অসমৰ কাৰ্যকৰী সভাপতি তথা ডিব্ৰুগড় শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক, বৰ্তমান শাখাৰ উপদেষ্টা হেম প্ৰভা তাছাই বন্তি প্রজ্বলন কৰাৰ পিছতে “চিৰ চেনেহী মোৰ ভাষা জননী” গীতেৰে আৰম্ভ কৰা মুকলি সভাখনত সংস্থাৰ সভানেত্ৰী অনিমা কোঁচ গগৈয়ে সভাপতিত্ব কৰে । উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক লেখিকা সংস্থা অসমৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈয়ে। শাখাৰ কাৰ্যকৰী সভাপতি কাঞ্চন বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সভাত প্ৰতিষ্ঠাকালৰপৰা কাৰ্যনিৰ্বাহ কৰি অহা প্ৰাক্তন সভাপতি-সম্পাদকসকলৰ লগতে মুঠ ২৫ গৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লেখিকা সংস্থা, অসমৰ সভাপতি মামণি গগৈ বৰুৱা আৰু অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুসুম গগৈ, ডিব্ৰুগড় শাখাৰ উপদেষ্টা গৌৰী শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সম্বর্ধনা অনুষ্ঠানৰ পিছত ডিব্ৰুগড় শাখা লেখিকা সংস্থাৰ ৰূপালী জয়ন্তী অধিৱেশনৰ উপলক্ষে প্ৰকাশিত মুখপত্ৰ “কাকলি”ৰ বিশেষ সংখ্যা তথা শাখাৰ সভাপতি অনিমা কোঁচ গগৈৰ কাব্য গ্ৰন্থ “আগুৰ গুৰ মাগুৰ জালি”উন্মোচন কৰে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ গন্ধেশ্বৰ শইকীয়াই। সভাত ডিব্ৰুগড় শাখাৰ তিনিমহীয়া পত্ৰিকা “সুৰভি” আৰু ডিব্ৰুগড় শাখাৰ প্ৰাক্তন সভাপতি বৈজয়ন্তী কৌৰ গগৈৰ “অব্যক্ত বেদনা” কাব্যগ্ৰন্থ উন্মোচন কৰে লেখিকা সংস্থা,অসমৰ কাৰ্যকৰী সভাপতি কুসুম গগৈয়ে। শাখাৰ সম্পাদক পৰিমালা কোঁৱৰৰ কাব্যগ্ৰন্থ “বৰষুণ ভাল পোৱা ছোৱালীজনী” উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ড° ভাৰতী দত্তই। লেখিকা সংস্থা,অসমৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্ত ডিব্ৰুগড় শাখাৰ প্ৰতিষ্ঠাপক সভাপতি যোগলতা গোহাঁই গগৈ, শাখাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা গৌৰী শইকীয়া, প্ৰাক্তন সভাপতি সম্পাদকসকল ক্ৰমে ৰূপালী চেতিয়া, দিপ্তী স্বৰ্গাৰী ,নিৰ্মলা সোনোৱাল, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক জোতি বৰগোহাঁই,বিশিষ্ট লেখিকা প্ৰাতসলতা বুঢ়াগোহাঁই, লেখিকা গৈৰিকা বৰুৱা আহমেদ, লেখিকা ৰেহেনা বানুকে প্ৰমুখ্য কৰি কেইবাজনো গণ-মান্য ব্যক্তি উপস্থিত থাকে। উক্ত ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি যোৱা জুন,জুলাই মাহতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাধু কোৱা প্ৰতিযোগিতা আৰু লেখিকাসকলৰ মাজত সমবেত সংগীত প্ৰতিযোগিতাৰ লগতে সাহিত্য সম্পৰ্কীয় অন্যান্য প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকললৈ বঁটা বিতৰণৰ কাৰ্যসূচীৰ লগতে আৰু কেইবাটাও কাৰ্যসূচী আছিল যদিও সংগীত জগতৰ হিয়াৰ আপোন জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিটো পোৱাৰ লগে লগে কাৰ্যসূচী আধাতে সামৰিব লগা হয়। এইজনা মহান শিল্গীৰ মৃত্যুত এক মিনিট মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনাই কাৰ্যসূচী সামৰণি মৰা হয়।