“জুবিনদা অন্তেষ্টিক্ৰিয়া আৰু সমাধিস্হলৰ বিষয়ে গৰিমা বৌ আৰু পৰিয়ালে যি সিদ্ধান্ত গ্ৰহন কৰে তাত আমাৰ পূৰ্ণ সমৰ্থন থাকিব” – গৌৰৱ গগৈ

“জুবিনদা অন্তেষ্টিক্ৰিয়া আৰু সমাধিস্হলৰ বিষয়ে গৰিমা বৌ আৰু পৰিয়ালে যি সিদ্ধান্ত গ্ৰহন কৰে তাত আমাৰ পূৰ্ণ সমৰ্থন থাকিব” – গৌৰৱ গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰিবাৰ গৰিমা শইকীয়া গাৰ্গ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু দুখৰ সমভাগী হয়। বাসগৃহৰ পৰা ওলাই আহি সভাপতি গৰাকীয়ে অসমবাসীৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাই কয় যে – “আহক আমি সকলোৱে মিলিজুলি জুবিনদাক এনে এক ঐতিহাসিক বিদায় জনাওঁ যাতে জুবিনদাৰ আত্মাই দেখে যে অসমৰ ৰাইজে তেওঁক কিমান মৰম কৰিছে,কিমান শ্ৰদ্ধাৰে সুঁৱৰিছে,তেওঁৰ অনুপস্থিতিত আমি অসমৰ ৰাইজ কিমান ম্ৰিয়মান হৈ আছো।”সাংসদ গৰাকীয়ে লগতে কয় যে – সামাজিক মাধ্যমত জুবিন দাৰ অন্তেষ্টিক্ৰিয়া আৰু সমাধিস্হলৰ বিষয়ে বিভিন্ন কথা প্ৰকাশ পাইছে। মোৰ ব্যক্তিগত স্হিতি যে গৰিমা বৌ,পৰিয়াল আৰু জুবিনদাৰ অতি ঘনিষ্ঠ বন্ধু সকলে যি সিদ্ধান্ত গ্ৰহন কৰে তাত আমাৰ পূৰ্ণ সমৰ্থন থাকিব। কাৰণ, আমাতকৈ বা শুভাকাংক্ষী সকলতকৈ তেওঁলোকেহে জুবিন দাৰ ইচ্ছা আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁক কেনেদৰে অন্তিম বিদায় জনোৱাতো বিচাৰিছিল সেইবিষয়ে ভালদৰে জানিব।এই সময়ত আমি পৰিয়ালৰ ওচৰত কোনো ধৰণৰ দাবী জনাব নিবিচাৰো। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ কাষত,অনুৰাগী সকলৰ সৈতে থিয় দিবলৈ বিচাৰিছো। আমি সকলো অসমবাসী ৰাইজে একগোট হৈ জুবিনদাক এনে এক ঐতিহাসিক বিদায় জনাওঁ যাতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সদায়েই স্মৰণীয় হৈ থাকিব।এজন যোৰহাটবাসী হিচাপে জুবিন দাৰ প্ৰতি আমাৰ এটা বিশেষ আবেগ থাকিবই। জুবিনদাৰ প্ৰতি যোৰহাটবাসীৰ মৰম,আবেগ আৰু ইচ্ছাৰ প্ৰতিও গভীৰ সন্মান জনাইছো।জুবিনদা এজন ব্যতিক্ৰমী ব্যক্তি আছিল।সোঁতৰ বিপৰীতে যোৱা এগৰাকী সাহসী স্পষ্টবাদী ব্যক্তি আছিল। ভালেই হওক বা বেয়াই হওক কাৰো হেঁচাত নপৰি এক স্বাধীন সিদ্ধান্ত লোৱা ব্যক্তি আছিল। সেয়ে মোৰ মতামত হৈছে যে জুবিন দাই নিজে কেনেদৰে আমি তেওঁক আটাইতকৈ ভালদৰে শেষ বিদায় দিয়াতো বিচাৰিছিল,সেইবিষয়ে আমাতকৈ বা অনুৰাগী সকলতকৈ গৰিমা বৌয়ে বেছি ভালদৰে জানিব। জুবিনদাই ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত থাকি যথেষ্ট শান্তি পাইছিল। সেয়েহে তেওঁলোকৰ যি ইচ্ছা – সি লাগিলে ব্ৰক্ষ্মপুত্ৰৰ পাৰতেই হওক,উজনি অসমতে হওক আমাৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। চৰকাৰৰ ফালৰ পৰাও নিজৰ কিছু সিদ্ধান্ত থাকিব পাৰে। কিন্তু একো হেঁচা নিদিয়াকৈ জুবিনদাৰ ব্যক্তিত্ব আৰু ইচ্ছা অনুসৰি গৰিমা বৌৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহন কৰা উচিত।