জুবিন গাৰ্গ আৰু মোৰ কিছু কথা
ছেলিমা বেগম
নগাঁও
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈছোঁ। এজন সু সন্তান অসমৰ বুকুৰ পৰা হেৰাই পেলোৱা কিমান যে দুখৰ বিষয় সেই কথা সকলোৱে জানে। জুবিন আছিল আমাৰ অসমৰ এজন শিল্পী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গুণ তেখেতৰ গাত আছিল।
তেখেত আছিল এজন সুদক্ষ, গায়ক , অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, আৰু যে ক’ত গুণৰ অধিকাৰী। তেখেতৰ গুণ অমৰ হৈ জীয়াই থাকিব ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ থাকিব অসমৰ এজন প্ৰসিদ্ধ লেখক, শিল্পী, অভিনেতা, নিৰ্মাতা, সুৰকাৰ গীতিকাৰ কবি আৰু এজন মহান পণ্ডিত হিচাপে।
এজন উজ্জ্বল নক্ষত্ৰ খহি পৰিল অসমৰ আকাশৰ পৰা। অসমৰ সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ কণ্ঠশিল্পী হেৰুৱায় অসমীয়া গানৰ সুৰৰ ঝংকাৰ মুচি গ’ল চিৰদিনৰ বাবে নিঃশেষ হৈ গল জুবিন গাৰ্গৰ সংগীত জগতৰ নিয়ম মানি আজি আমাৰ মাজৰ পৰা বিদায় লৈছে এই জন সুৰকাৰ। লুইতৰ দুয়ো পাৰ আজি শোকৰ বন্যা ঘোৰ ঘোৰ আন্ধাৰ নামি আহিলে সংগীত জগতত। নিষ্ঠুৰ মৃত্যু কিয় আহি লৈ গৈছে জুবিন গাৰ্গৰ প্ৰাণ বায়ু। সঁচাকৈ মৃত্যু অনিবাৰ্য, ইয়াৰ পৰা হাত সাৰিবলৈ কাৰোবাৰ হাত নাই। মৃত্যুৰ সোৱাদ এদিন সকলো জীৱ ল’ব লাগিব।
জুবিন বিহীন আজি কোনে গাব শুৱলা গীত। বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ভাষাৰ গীত গাই মন জয় কৰিবলৈ আজি বিদায় লৈ গুচি গলা মঞ্চত গীত গাই গাই মানুহৰ মন জয় কৰা জনেই আমাৰ জুবিন আছিল। নিজৰ সিদ্ধান্ত আছিল তাৰ জীৱনৰ একলব্যই সিদ্ধান্ত। চলচ্চিত্ৰ জগতত দপদপনি তুলি সমাজ সংস্কাৰ কৰিবৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰি নিজৰ কাম একেৰাহে চলাই ৰাখিছিল জুবিন গাৰ্গে। নিজৰ পৰিয়ালৰ কথা তাৰ মনত নিছিল, সংগীত পৰিচালনা কৰা তাৰ আছিল একমাত্ৰ উদ্দেশ্য। অসমৰ এনে এজন স্যমন্তমণি অসমৰ পৰা হেৰাই যোৱা টো অসমৰ বহুতো ক্ষতি হৈছে। আজি অসমীয়া বৰকৈ অসহায় হৈ পৰিছে।
জুবিন গাৰ্গৰ অংগৰাগ সকল শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ টান পাইছে। কাৰণ এনে এজন ব্যক্তি অসমৰ বুকুৰ পৰা বিদায় দিয়াটো অসমবাসীয়ে মানিবলৈ টান পাইছে। সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ কণ্ঠশিল্পী হেৰুৱায় অসমীয়া মানুহৰ মাজত হাহাকাৰ লাগিল। অসমৰ লগতে বহি ৰাজ্যৰ পৰা সন্মান অৰ্জন কৰি নিজৰ নাম উজ্জ্বল কৰিছিল জুবিন গাৰ্গে। সন্তানৰ কথা ভবা নাছিল সংগীত জগত খনেই নিজৰ সন্তানৰ দৰে পুহ পালন কৰিছিল। মঞ্চত গীত গাই থাকোঁতে কেতিয়াবা কৈছিল মই সন্ন্যাসীৰ দৰে জীৱন যাপন কৰিম জঙ্ঘলৰ মাজৰ যাবলৈ বাধ্য জুবিন।
জুবিন গাৰ্গে কাকো ভয় কৰি কথা কোৱা নাছিল। বহুতো দুখীয়া মানুহৰ ওপৰত তেখেতৰ দয়া মৰম চেনেহ আছিল। মঞ্চত গীত গাই থাকোঁতে জুবিন গাৰ্গে কৈছিল মোৰ মৃত্যু হ’লে জ্বলাই নিদিব, ব্ৰক্ষ্মপুত্ৰৰ বুকুত উঠাই দিব ! মোৰ কোনো ধৰ্ম নাই তথাপিও মনৰ অনুভৱ খিনি প্ৰকাশ কৰিবলৈ বিচাৰোঁ।
এই জন সুৰকাৰ, গীতিকাৰ,কবি, লেখক,অভিনেতা নিৰ্মাতা বহু গুণৰ অধিকাৰী অসমৰ উজ্জ্বল নক্ষত্ৰ অসমীয়াক কন্দুৱাই এটা যুগৰ অন্ত পেলায় চিৰদিনৰ বাবে মেলানি মাগিছে ২০২৫ চনৰ ১৮ চেপ্টেম্বৰ মাহৰ শুক্ৰ বাৰৰ দিনটোত।
জুবিন গাৰ্গৰ জন্ম দিনটো আছিল ১৯৭২ চন ১৮ নৱেম্বৰ।