বিশ্বব্যপী পেলেষ্টাইন সংহতি সপ্তাহ পালন

বিশ্বব্যপী পেলেষ্টাইন সংহতি সপ্তাহ পালন

ৰঙিলী বাৰ্ত্তাসেৱা- সাম্ৰাজ্যবাদী আমেৰিকাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ইহুদিবাদী ইজৰাইলে বিশ্ব জনমতক অৱজ্ঞা কৰি আৰু সকলো ধৰণৰ আন্তৰাষ্ট্ৰীয় আইন আৰু নীতি নিয়ম উলংঘা কৰি গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে দখল কৰাৰ ঘোষিত লক্ষ্যৰে সামৰিক অভিযান তীব্ৰতৰ কৰি পেলেষ্টাইনৰ শিশু, মহিলা সহ লাখ লাখ জনসাধাৰণক হত্যা কৰাৰ প্ৰতিবাদত ওৱাৰ্ল্ড ফেডাৰেচন অৱ ট্ৰেড ইউনিয়নচ্ ৰ আহ্বান ক্ৰমে ১৮ জুলাই ‘২৫ তাৰিখে এ আই ইউ টি ইউ চি প্ৰায় অৰ্ধ শতাধিক সদস্য গুৱাহাটীৰ জি এছ ৰোডৰ উলুবাৰীত সমবেত হয় আৰু পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰকাশ কৰে আৰু দখলদাৰ ইজৰাইল আৰু আমেৰিকাৰ বিৰূদ্ধে বিশ্বৰ জনসাধাৰণক গৰ্জি উঠাৰ আহ্বান জনাই বিক্ষোভ প্ৰদৰ্শন কৰে । আমেৰিকা- -ইজৰাইল সাম্ৰজ্যবাদ নিপাত যাওঁক ,গাজা দখল কৰাৰ কুঅভিসন্ধি বন্ধ কৰক ,মাৰ্কিন সাম্ৰাজ্যবাদ পেলেষ্টাইনৰ পৰা হাত উঠাও ,পেলেষ্টাইনৰ সপক্ষে বিশ্ব জনমত গঢ়ি তোলক,সাম্ৰাজ্যবাদ হুছিয়াৰ ইত্যাদি শ্লোগানৰে বিক্ষোভ থলী উত্তাল কৰি তোলে।উল্লেখযোগ্য যে ১৫ চেপ্তেম্বৰ/২৫ ৰ পৰা ২২ চেপ্তেম্বৰ/২৫ তাৰিখলৈ ডব্লিউ এফ টি ইউয়ে (WFTU) “Global Week of Solidarity”with the people of Palestine ৰ আহ্বান দিছিল । বিক্ষোভৰ অন্তত তাতেই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । সভাত এ আই ইউ টি ইউ চি ৰাজ্যিক সভাপতি অজিত আচাৰ্য্য আৰু সমাজকৰ্মী সুভাষ গোস্বামীয়ে মানৱ সভ্যতাৰ শত্ৰু আমেৰিকা-ইজৰাইলৰ দখলদাৰী নীতিৰ তীব্ৰ ধিক্কাৰ জনাই বক্তব্য দাঙি ধৰে ।