শিলচৰত ১২ কোটি টকাৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ

শিলচৰত ১২ কোটি টকাৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ জিলাত আৰক্ষীৰ অভিযান অব্যাহত আছে। কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, এক বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে শিলচৰ আৰক্ষী থানাৰ অন্তৰ্গত কঁঠাল বাইপাছৰ সমীপৰ আটালবস্তিত অবৈধভাৱে ড্ৰাগছ পৰিবহণৰ বিৰুদ্ধে বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । লগতে এখন মাৰুতি ব্রিজ গাড়ী জব্দ কৰে। ধৃত ব্যক্তিজন ধলাইৰ ৰাজগোবিন্দপুৰৰ দিলোৱাৰ হোছেইন লস্কৰ । তেওঁ আৰু কয় যে গাড়ীখনৰ তালাচীৰ সময়ত আৰক্ষীয়ে গাড়ীখনৰ ভিতৰত বিশেষভাবে নির্মিত গোপন ঠাইৰ পৰা ৪০ হাজাৰ সন্দেহযুক্ত য়াবা টেবলেট উদ্ধাৰ কৰে। অভিযানৰ সময়ত অবৈধভাৱে ড্ৰাগছ পৰিবহণৰ বাবে ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা সামগ্ৰীসমূহৰ ক’লা বজাৰত মূল্য প্রায় ১২ কোটি টকা বুলি উল্লেখ কৰে তেওঁ। আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে স্বতন্ত্র সাক্ষীৰ উপস্থিতিত জব্দ কৰে ড্ৰাগছখিনি। ইয়াৰ উপৰি ঔষধ চিনাক্তকৰণ কিটৰ দ্বাৰা কৰা পৰীক্ষাত মেথামফেটামাইনৰ পজিটিভ ফলাফল পোৱা গৈছে। প্রাথমিক তদন্তত মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা এই সামগ্রীখিনি কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত চলি থকা বুলিও তেওঁ জনায়।