অশান্তিৰ বা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
বাহু আজি দুৰ্বল হৈ পৰিছে
নাই কলম হাতত তুলি ল’ব পৰা নাই
মৌন ক্ষণে বক্ষ মাজত সানিছে তীক্ষ্ণ তিৰ
ৰক্তক্ষৰণ হৈ হৈ দেহ পৰিছে ঢলি।
নাই নদীৰ স্ৰোত আজি বৈ যোৱা নাই
ৰৈ আছে স্তম্ভিত হৈ একে ঠাইতে
বতাহও যোৱা নাই উৰি গন্তব্য লৈ
চাগে হিয়াৰ কান্দোন শুনিব বুলি ।
ক’ত হেৰাল দপট মানৱতাৰ
ক’ত তল পৰিল একতাৰ জৰী
ভাই কোন আপোন কোন পাহৰি
কোবাইছে শান্তিৰ দবা ঢোল।
আত্মাৰ বন্ধু আজি কাল শত্ৰু বেশত
কৰিছে ছেৱে ছেৱে নৃত্য প্ৰভাতী পৰত
জুমকা ছিঙিছে অলংকাৰ খহিছে
গৰ্জিত বাজনাৰ সুৰত কম্পিত ত্রাস।
কলম এৰিলে কিতাপও এৰিলে
তুলিলে হাতত অস্ৰ নিশংসৰ
শান্তিৰ অময়া পুৰীত অশান্তিৰ বা
বলিছে জোৰকৈ উজনিৰ পৰা নামনিলৈ।।