মই প্ৰেম – মুন শৰ্মা

Pc Unsplash

মই প্ৰেম

মুন শৰ্মা, লখিমপুৰ

জোন জ্বলা  জোনাকী দুভাগ নিশাত
কোনোবাই ৰিঙিয়াই মাতে মোক
টুকৰ মাৰে হিয়াৰ জুপুৰীত
শিতানৰ কাষতে ৰৈ কৈ যায় কাণে কাণে মনে মনে
মই প্ৰেম, মই প্ৰেম, মই প্ৰেম
কিমান দেখিবা সপোন,  আৰু কিমান বাকী তোমাৰ
মৰীচিকা খেদি জানো ভাগৰ লগা নাই।
পহেলিকাৰ পাশা খেল বাকী বাৰু আৰু কিমান
লৈ যোৱা  আঁকোৱালি হেৰা মাতাল প্ৰেমিক
 অশান্ত মই,  হাবিয়াস মাথোঁ  বাস্ততাৰ বুকুত থিতাপি লোৱাৰ।