বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰিছে নীৰজ চোপ্ৰাই

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰিছে নীৰজ চোপ্ৰাই

ৰঙিলী বাৰ্ত্তাসেৱা-   জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰিছে অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাই। নীৰজে তেওঁৰ প্ৰথম প্রয়াসতেই ৮৪,৮৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল। চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ যোগ্যতা অৰ্জনৰ ৰাউণ্ড অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ নীৰজ চোপ্রাই প্রথম প্রয়াসতেই ফাইনেলত স্থান নিশ্চিত কৰিছিল। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ নীৰজ চোপ্ৰাক ৮৪.৫০ মিটাৰতকৈ অধিক দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিব লাগিছিল। নীৰজে তেওঁৰ প্ৰথম প্রয়াসতেই এই লক্ষ্য অতিক্ৰম কৰি ৮৪.৮৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰিছিল। নীৰজ চোপ্ৰাৰ সৈতে তেওঁৰ গ্ৰুপত ৬জন এথলীট আছিল, কিন্তু ভাৰতৰ এই সাহসী খেলুৱৈৰ বাহিৰে প্ৰথম ৰাউণ্ডত কোনো এথলীটে এই লক্ষ্য অতিক্রম কৰিব নোৱাৰিলে।