ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত একেদিনাই চাৰিটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) উদ্যোগত আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত প্রশিক্ষণপ্রাপ্ত নার্চিং সংস্থা, নার্চিং সংস্থাৰ অসম ৰাজ্যিক অধ্যায়ৰ ৪১ সংখ্যক দ্বিবার্ষিক সম্মিলনৰ লগত সংগতি ৰাখি এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নির্ণায়ক কোষ, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সমিতিৰ সহযোগত। ৰক্তদান শিবিৰত ছাত্র-ছাত্রীসকলৰ মাজত বক্তদান সম্পর্কীয় বিভিন্ন বিষয়ৰ ওপৰত সজাগতামূলক বক্তৃতা প্রদান কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ কর্মকর্তাসকলে। মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক ৰক্তদানৰ জড়িয়তে কিদৰে মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায় তাৰ বিষযেও বিষদভাবে আলোচনা কৰা হয়। মহাবিদ্যালয়ৰ লালচান্দ কানৈ প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰক্তদান শিৱিবৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। উদ্বোধনী ভাষণ প্রসংগত অধ্যক্ষ ড০ শইকীয়াই ছাত্র-ছাত্রীসকলৰ মাজত ৰক্তদানৰ সম্পর্কে বিশ্লেষণ কৰাৰ লগতে সকলো ছাত্র-ছাত্রীকে তেওঁলোকৰ জীৱনকালত ৰক্তদানৰ দৰে মহান কর্মত আত্মনিয়োগ কৰি সমাজ সেৱা কৰিবলৈ আহবান জনায়। অধ্যক্ষগৰাকীয়ে নিজে বক্তদানাৰ দৰে মহান কর্মত অংশগ্রহণ কৰি সকলোকে আদর্শ দেখুৱায়। মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, ছাত্র- ছাত্রীয়ে স্ব-ইচ্ছাবে ৰক্তদান কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড০ দীপংকজ গগৈ, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সমিতিৰ সমন্বয়ক ক্রমে ড০লামখ’লাল ডুঙ্গেল, অধ্যাপিকা অঞ্জুমণি ফুকন, ঝক্মিণীদেরী কানৈ ছাত্রীনিবাসৰ অধ্যক্ষা উর্মিলা ৰামছিয়াৰী, কানৈ মহাবিদ্যালয়ৰ ৰক্তাদান গোট (বক্ত প্রবাহ)-ৰ সদস্যা ড০ নিতৃমণি শইকীয়া, অধ্যাপক ড০ অপূর্ব দত্ত, ড০ লখিমা দেউৰীকে ধৰি ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা, ছাত্র-ছাত্রী আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকীও চিকিৎসক কমকর্তা উপস্থিত থাকে। সমান্তৰালভাবে কানৈ মহাবিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ‘সমাজ বিজ্ঞান বিষয়ত গাণিতিক, পৰিসংখ্যা আৰু ইক’নমেট্রিকছ ব্যৱহাব’ সম্পকীয় এক কর্মশালা আজিৰে পৰা অনুষ্ঠিত হৈছে। উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ডিব্রুগড় বিশ্ববিদ্যালয়ব অর্থনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড’ দেৱ কুমাৰ চক্রবর্তী। ভাষণ প্রসংগত ড° চক্রবর্তীয়ে বর্তমান সময়ত গবেষণাৰ ক্ষেত্রত গাণিতিক, পৰিসংখ্যা আৰু ইক নমেট্রিকছৰ ব্যৱহাৰ সম্পর্কে বিষদভারে আলোচনা কৰাৰ লগতে ভবিষ্যতে ছাত্র ছাত্রীসকলে এনেধবণব কর্মশালাৰ জড়িয়তে নিজকে প্রতিষ্ঠিত কৰিব পৰাকৈ প্রস্তুত কৰি তুলিব বুলি মত প্রকাশ কৰে।এই অনুষ্ঠানৰ প্ৰথম কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ মানস প্রতীম বর্মন আৰু দ্বিতীয় কাৰিকৰী সত্ৰৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ৰন্টু হাজৰিকা। কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই উদ্বোধনী ভাষণ প্রদান কৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ প্রাক্তন অধ্যাপিকা ড° সোণালী চক্রবর্তী গোস্বামী, ড০ জয়শ্রী কৌৰব, কানৈ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড০ দীপংকজ গগৈ, পৰীক্ষা নিয়ন্ত্রক ড° মৃদুল শর্মা, শৈক্ষিক পৰিষদৰ সদস্য সচিব ড° জ্যোতি প্রসাদ ফুকন উপস্থিত থাকে। অনুষ্ঠানত কানৈ মহাবিদ্যালয়কে প্রমূখ্য কৰি ডিব্ৰুগড় চহৰৰ কেইবাখনো মহাবিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ শতাধিক ছাত্র-ছাত্রীয়ে অংশ গ্রহণ কৰে। উল্লেখ্য যে ” বিশ্ব অ’জন দিৱস”ৰ লগত সংগতি ৰাখি কানৈ মহাবিদ্যালয়ৰ ইক’ ক্লাবৰ উদ্যোগত আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগত ছাত্র-ছাত্রীসকলক উদ্দেশ্যি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ নৱজ্যোতি হাজৰিকাই ‘অ’জন লেয়াৰ ডিপ্লেশান’ শীর্ষক বিষয়ত এক মননশীল বক্তৃতা প্রদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্রায় শতাধিক ছাত্র-ছাত্রীয়ে বক্তৃতানুষ্ঠানটো উপভোগ কবে। কটন মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত ‘বিশ্ব অ’জন দিৱস”ৰ লগত সংগতি ৰাখি আন এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ বিনিতা পাঠকে ‘অ’জন লেয়াৰ ডিপ্লেশান, ইয়াৰ প্রভাৱ আৰু যুব সমাজৰ কৰণীয়’ শীর্ষক বিষয়ত এক মননশীল বক্তৃতা প্রদান কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ভালে সংখ্যক অধ্যাপক- অধ্যাপিকা আৰু ছাত্র-ছাত্রী উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।