চিৰাং-কোকৰাঝাৰ জিলাত চাৰিখনকৈ বিশাল নির্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিটিচি পৰিষদীয় নির্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে কোকৰাঝাৰ আৰু চিৰাং জিলাত চাৰিখনকৈ বিশাল নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ জিলাৰ অফলা গাঁও আৰু চৰাইবিলৰ লগতে চিৰাং জিলাৰ বাসুগাঁও আৰু উলুবাৰীত আয়োজিত এই সভাকেইখনত উপস্থিত বিপুল জনতাক সম্বোধি মুখ্যমন্ত্রীয়ে বিজেপিক সমাগত পৰিষদীয় নির্বাচনত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। মুষলধাৰ বৰষুণৰ মাজতো লোকাৰণ্য পৰিৱেশত কোকৰাঝাৰ জিলাৰ অফলা গাঁও খেলপথাৰত দোতমা আৰু বনৰগাঁও পৰিষদীয় সমষ্টিৰ বাবে আয়োজিত সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্ম আৰু মনোৰঞ্জন ব্ৰহ্মৰ হৈ নির্বাচনী প্রচাৰ চলায়। এই সভাতে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- প্রতিখন সভাত ৰাইজৰ বিপুল উপস্থিতিয়ে প্ৰমাণ কৰিছে এইবাৰ বিটিচি পৰিষদীয় নির্বাচনত দোতমা আৰু বনৰগাঁও সমষ্টিত বিজেপিৰ বিজয় নিশ্চিত। তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু গৃহমন্ত্রী লালকৃষ্ণ আদৱানিৰ প্ৰচেষ্টাত প্রথম বিটিচি চুক্তি হৈছিল। চুক্তিৰ সময়ত তদানীন্তন গৃহমন্ত্রী লালকৃষ্ণ আদৱানি কোকৰাঝাৰলৈ আহিছিল। ২০১৯ চনত কেন্দ্রত আকৌ বিজেপিৰ চৰকাৰ আহিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবছু, এনডিএফবি আদি সকলোকে মাতি আনি শান্তি চুক্তি কৰিলে। বিজেপিয়ে আজি সমগ্র অঞ্চলটোত শান্তি আনিলে। কংগ্ৰেছৰ দিনত এদিনো শান্তি নাছিল। কিন্তু দিছপুৰত বিজেপি চৰকাৰ অহাৰ পাছত বিটিচিত শান্তি উভতি আহিল আৰু বড়ো ৰাইজ আগবাঢ়ি যাবলৈ সক্ষম হ’ল। কংগ্ৰেছৰ শাসনকালত বিটিচিলৈ মাত্র ৪০০ কোটি টকা বছৰি প্ৰদান কৰা হৈছিল। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত লাহে লাহে এই পুঁজি বৃদ্ধি হৈ ১ হাজাৰ কোটি টকাপর্যন্ত হৈছে। তদুপৰি গুড উইল পেকেজ, ৰাস্তা-ঘাট নির্মাণ আদিৰ উন্নয়নমূলক কাম-কাজসমূহ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে বিটিচিত অব্যাহত আছে। বিটিচিত চিকিৎসা মহাবিদ্যালয়, দিল্লী-দিছপুৰৰ বিজেপি চৰকাৰেহে নিৰ্মাণ কৰি আছে। মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয়- বিটিচিত বিজেপিয়ে যিমান উন্নয়নমূলক কাম কৰিছে আন কোনো দলে কৰিব পৰা নাই। বিজেপিয়ে কেৱল বড়ো চুক্তিতে ক্ষান্ত থকা নাই, দিল্লীত বডোফা উপন্দ্রে নাথ ব্ৰহ্মৰ প্ৰতিমূর্তি, উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত পথ নিৰ্মাণ কৰা হৈছে। অসমৰ মাত্ৰ দুজন মানুহৰ নামতহে দিল্লীত পথ আছে। ইয়াৰে এজন অসমৰ প্ৰথম মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু আনজন হৈছে বডোফা উপেন্দ্র নাথ ব্রহ্ম। এই কথাই বিজেপি চৰকাৰৰ বড়ো ৰাইজৰ প্ৰতি থকা মৰম-স্নেহ আৰু শ্রদ্ধাক প্রতিনিধিত্ব কৰিছে। ৰাজ্য চৰকাৰে ৫০০খন বাথৌ খানচালি আৰু ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ বাবে আঁচনি গ্রহণ কৰিছে। নিৰ্বাচনৰ পিছত দিছপুৰতো অসম বিধানসভাৰ সমীপত এটি বাথৌ থানচালি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইউপিপিএলৰ নেতা প্রমোদ বড়ো আৰু বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীৰ সৈতে বিজেপিৰ কোনো শত্রুতা নাই। বিটিআৰত বিজেপি চৰকাৰ হ’লে দলে সকলোকে লগত লৈ আগবাঢ়ি যাব। সংবিধানৰ ১২৫তম সংশোধনী কাম এতিয়াও বাকী আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিটিআৰত বিজেপি চৰকাৰ হ’লে এই কামবিলাক কৰিব পৰা যাব। বাথৌ থানচালিৰ দৰে আদিবাসী সমাজৰো উপাসনাস্থলী উন্নয়নমূলক কাম-কাজসমূহ আগবঢ়াই নিব পৰা যাব। চৰকাৰে ইতিমধ্যে আদিবাসী সংঘৰ্ষত নিহত পৰিয়ালক ৫০ হাজাৰকৈ পুঁজি প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰিছে। বিটিচিৰ সকলো জাতি-জনগোষ্ঠীৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰ অগ্ৰসৰ হৈছে। গুৱাহাটীত বিহু আৰু ঝুমইৰ প্ৰদৰ্শনৰ পাছত ১০ হাজাৰ শিল্পীৰে বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰে পিছত গোৱালিনীৰ নৃত্য আদি অসমৰ সমৃদ্ধ সংস্কৃতিসমূহ বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব। মুখ্যমন্ত্রীয়ে কয়- বিটিচিত নতুনকৈ ৫ লাখ অৰুণোদয় হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰা হ’ব। এইবাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা ভিচিডিচিয়ে নহয়, ৰাইজে প্ৰস্তুত কৰিব। ১ জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ১,২৫০ টকাৰ সৈতে গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবদ ২৫০ টকাকৈ ৰাজসাহায্য প্রদান কৰা হ’ব। আত্মসহায়ক গোটৰ মহিলাসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। এই সভাতে মুখ্যমন্ত্ৰীয়ে ছেৰফাংগুৰিত কনকেশ্বৰ নাৰ্জাৰী মেম’ৰিয়েল ষ্টেডিয়াম নির্মাণ, অফলা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, অফলা গাঁও জনস্বাস্থ্য কেন্দ্রত পূর্ণাংগ ৰূপত নির্মাণ, এখন মিনি স্টেডিয়াম নিৰ্মাণ, সৰলপাৰাত প্ৰটেকচন গ্রান্ট নির্মাণ, চিকাৰ গাঁৱত দক্ষতা কেন্দ্র নির্মাণকে ধৰি ৰাইজে জনোৱা দাবীসমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ জিলাৰ গুৰুফেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত দ্বিতীয়খন সভাত অংশগ্ৰহণ কৰে। এই সভাতে মুখ্যমন্ত্রীয়ে কয় যে বিজেপি চৰকাৰ আহিলে চৰাইবিল সমষ্টিৰ প্রতিটো যোগ্য পৰিয়ালে অৰুণোদয়, প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ, ৰেচন কাৰ্ডৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ সুফল লাভ কৰিব পাৰিব। চৰাইবিল পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গোসাঁই বসুমতাৰীৰ হৈ প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বিটিচিত বিজেপিৰ চৰকাৰ হ’লে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব। সভাত মুখ্যমন্ত্রীয়ে ব’ল ব’ম যাত্ৰাৰ সময়ত নিহত হোৱা চৰাইবিলৰ মৃতকৰ পৰিয়ালসমূহক ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে গোসাঁইগাঁও ৰে’লৱে ষ্টেচনত কামৰূপ এক্সপ্ৰেছ, নর্থ-ইষ্ট এক্সপ্ৰেছ আৰু বন্দে ভাৰত ৰে’ল ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে। এই সভাতে মুখ্যমন্ত্রীয়ে গুৰুফেল্লাত ৩০খন বিছনাযুক্ত স্বাস্থ্যকেন্দ্ৰ, ১নম্বৰ হাতীগড় কোচ ৰাজবংশী সাংস্কৃতিক কেন্দ্ৰ, হৰিমন্দিৰ গুৰুফেল্লাত পশু চিকিৎসালয়, স্নাতক মহাবিদ্যালয়, গুৰুফেল্লা মধ্য ইংৰাজী বিদ্যালয়ত উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ আদিকে ধৰি ৰাইজে জনোৱা দাবীসমূহ পূৰণৰ আশ্বাস দিয়ে। এই সভাৰ পিছতে মুখ্যমন্ত্ৰীয়ে চিৰাং জিলাৰ বাসুগাঁওস্থিত ৰাজাচাৰাং খেলপথাৰত আয়োজিত চিৰাং পৰিষদীয় সমষ্টিৰ তৃতীয়খন নির্বাচনী সভাত অংশগ্রহণ কৰে। এই সভাত মুখ্যমন্ত্ৰীয়ে কয়- এইবাৰ বিজেপিয়ে উন্নয়নৰ গাড়ীত পেট্র’লো ভৰাব আৰু গাড়ীচালকো হ’ব। তৃতীয়খন সভাৰ পাছত চিৰাং জিলাৰ উলুবাৰীস্থিত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত চতুর্থখন নির্বাচনী সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰীয়ে। থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজয় ৰায়ৰ সমৰ্থনত আয়োজিত নির্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ৰাজ্য চৰকাৰে বিটিচিলৈ শান্তি অনাৰ বাবে কাম কৰিছে আৰু অহা ৫ বছৰত উন্নয়ন আৰু বিকাশৰ কাম কৰিব। মুখ্যমন্ত্ৰীৰ এই নির্বাচনী সভাত সংগদান কৰে মন্ত্রী অশোক সিংহল, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, বিধায়ক সঞ্জয় কিষাণ, ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসকে ধৰি বিজেপিৰ কেইবাজনো শীর্ষস্থানীয় নেতা।