হংকঙক ৪ উইকেটত পৰাস্ত কৰে শ্ৰীলংকাই 

হংকঙক ৪ উইকেটত পৰাস্ত কৰে শ্ৰীলংকাই 

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপ ২০২৫ৰ অষ্টমখন মেচত হংকং ক্ৰিকেট দলক ৪ উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে শ্ৰীলংকা দলটোৱে । একেৰাহে দ্বিতীয়টো জয়ৰে ছুপাৰ-৪ৰ দিশে আগবাঢ়িছে শ্ৰীলংকা । একেৰাহে তৃতীয়টো পৰাজয়ৰ পাচত একে সময়তে অন্ত পৰিল হংকঙৰ দলৰ যাত্ৰাৰ । ডুবাইত খেলা এই মেচখনত হংকঙে প্ৰথমে বেটিং কৰি ১৪৯/৪ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ দলটোৱে ১৯ অভাৰত পাথুম নিছাংকাৰ অৰ্ধশতকৰ সহায়ত জয়ৰ লক্ষ্যত উপনীত হয় । হংকঙৰ হৈ ইনিংছ মুকলি কৰিবলৈ অহা অংশুমান ৰাথে ৪৮ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ বাহিৰেও নিজাকাত খানে অপৰাজিত অৰ্ধশতক (৫২) কৰি দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যায় । শ্ৰীলংকাৰ পৰা সৰ্বাধিক ২ উইকেট দখল কৰে চামিৰা ই। লক্ষ্য অনুসৰণ কৰিব আহি শ্ৰীলংকাই আৰম্ভণিতে কুছাল মেণ্ডিছ (১১) আৰু কামিল মিছাৰা (১৯)ৰ ৰূপত বিপৰ্যয়ৰ সন্মুখীন হয় । এই কঠিন সময়ত নিছাংকাই অৰ্ধশতক অৰ্জন কৰি দলৰ জয় নিশ্চিত কৰে ।