বিশ্বৰ প্ৰথম বাঁহভিত্তিক ইথানল প্রকল্পৰ শুভ উদ্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গোলাঘাটৰ মৰঙিৰ নুমলীগড় শোধনাগাৰৰ সমীপতে স্থাপিত পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক ইথানল উৎপাদিত প্রকল্প অসম বায়’ইথানল প্রাঃ লিঃ বা চমুকৈ বায়’ ৰিফাইনেৰীটোৰ শুভ উদ্বোধন কৰে। লেটেকুজান খেলপথাৰত নির্মিত অস্থায়ী হেলিপেডত প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰখন অৱতৰণ কৰে আৰু তাৰ পৰা তেওঁ ৰাওনা হয় বায়’ ৰিফাইনেৰী প্ৰকল্পলৈ আৰু প্ৰকল্পটোৰ শুভ উদ্বোধনৰ আনুষ্ঠানিকতা সম্পূর্ণ কৰে। উল্লেখ্য যে অসম বায়’ইথানল প্রাঃ লিমিটেড প্ৰকল্পৰ শুভ উদ্বোধন আৰু নুমলীগড় শোধনাগাৰ প্ৰকল্পস্থলীত হ’বলগীয়া পলিপ্র’পিলিন প্লাণ্টৰ শিলান্যাসৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এনআৰএলৰ টেংকাৰ ষ্টেণ্ডত এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। প্রতিকূল বতৰকো নেওচি সমবেত হোৱা লক্ষাধিক বিশাল জনতাক সাক্ষী কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আদৰণি জনায় অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই। অসমৰ বৰ্তমানৰ অভূতপূর্ব ঔদ্যোগিক গতিৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জনাই মন্ত্ৰী বৰাই কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই অসমৰ বাবে এই অসম্ভৱ সম্ভৱ হৈছে। কেন্দ্রীয় পেট্ৰ’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীয়েও নিজা চমু ভাষণত ভাৰতৰ শেষতীয়া বিকাশৰ গতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ দক্ষ নেতৃত্বৰ প্ৰশংসা কৰে। বায়’ইথানল আৰু পলিপ্ৰ’পিলিন প্ৰকল্পৰ জেৰ টানি অসমৰ দ্রুত ঔদ্যোগিক প্ৰগতিৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাৰো শলাগ লয় কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ এনআৰএলৰ এই নতুন ৰূপৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনায়। মুখ্যমন্ত্রী ড° শৰ্মাৰ চমু ভাষণৰ পিছত ৰাইজক সম্বোধনৰ বাবে আগবাঢ়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। তেওঁ ভঙা ভঙা অসমীয়াতে অসমবাসীক আগন্তুক শাৰদীয় দুর্গাপূজা আৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মজয়ন্তীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্রায় ১২,২৩০ কোটি টকা বিনিয়োগেৰে স্থাপিত বায়’ইথানল প্রকল্প আৰু পলিপ্র’পিলিন প্রকল্পই বিকশিত অসম আৰু বিকশিত ভাৰতক গতি দিব। পৃথিৱীৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্পই অসমবাসীক গর্বিত কৰিছে। ভাৰত বিশ্বৰ দ্রুততম বিকশিত দেশ আৰু এই প্রকল্পই বিকাশক নতুন গতি দিব। বায়’ইথানল প্রকল্পই খাৰুৱা তেলৰ বাবে ভাৰতৰ বিদেশৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্রাস কৰি লাখ কোটি টকাৰ ৰাহি হোৱাত সহায় কৰিব। ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত ই নির্ণায়ক ভূমিকা পালন কৰিব। বায়’ইথানল প্রকল্পটোৰ জৰিয়তে প্রায় ২০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ হাতলৈ যাব। কংগ্রেছক সমালোচনা কৰি প্রধানমন্ত্রীয়ে কয় যে যি বাঁহৰ ওপৰত কৃষক আৰু আদিবাসী তথা ভূমিপুত্ৰৰ আজন্ম অধিকাৰ, সেই বাঁহ কাটিলেও জে’ললৈ যোৱাৰ পৰিৱেশ আছিল কংগ্ৰেছৰ দিনত। কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাঁহৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়ে আৰু তাৰ ফলত কৃষক, জনজাতিৰ লোকসকল পোনপটীয়াকৈ লাভৱান্বিত হোৱাৰ পথ প্রশস্ত হৈ পৰিল। এনআৰএল প্রকল্পস্থলীত হ’বলগীয়া পলিপ্র’পিলিন প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পলিপ্র’পিলিন অবিহনে আধুনিক বিশ্বৰ উন্নয়নৰ কল্পনাই কৰিব নোৱাৰি। এনআৰএলৰ এই প্রকল্পই মেক ইন ইণ্ডিয়া আৰু মেক ইন আছামক নতুন গতি দিব। এৰী আৰু মুগাৰ বাবে বিখ্যাত অসমক পলিপ্ৰপিলিন নিৰ্ভৰ টেক্সটাইলে নতুন পৰিচয় দিব। তেওঁ লগতে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমক বিকাশৰ এক বিশাল অভিযানৰ বাবে নিৰ্বাচন কৰিছে। শক্তি আৰু ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত অসমে আজি দেশক নেতৃত্ব দিবলৈ আগবাঢ়িছে। ২৭,০০০ কোটি টকা ব্যয়েৰে জাগীৰোডত ইতিমধ্যে এটা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ছ’লাৰ পাৱাৰৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে অভূতপূর্ব পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যসমূহৰ এই বিকাশ নিশ্চিত হোৱাৰ বাবেই ছ’লাৰ পাৱাৰৰ ক্ষেত্ৰত ভাৰত আজি বিশ্বৰ প্ৰথম পাঁচখন দেশৰ মাজত স্থান লাভ কৰিছে। অসমত প্রায় ২০ লাখ চৰকাৰী ঘৰ নিৰ্মাণ কৰা হৈছে আৰু ঘৰে ঘৰে খোৱাপানীৰ সুবিধা আজি অসমৰ জনতাই লাভ কৰিছে। কংগ্ৰেছে চাহ শ্রমিকৰ ভাগ্য কেৱল চাহ বাগিচাৰ মালিকৰ হাতত এৰি দিয়েই দায়িত্ব সামৰিছিল। কিন্তু বিজেপি চৰকাৰে চাহ শ্রমিকক দেশৰ উন্নয়নৰ সহযাত্ৰী কৰি লৈছে আৰু সকলো শ্ৰমিকৰ বাবে স্বাস্থ্যৰ অধিকাৰ, খাদ্যৰ সুৰক্ষা নিশ্চিত কৰিছে। চৰকাৰৰ আঁচনিৰ পোনপটীয়া সুবিধা আজি চাহ শ্রমিকে ও লাভ কৰিছে। মন কৰিবলগীয়া যে এই ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি নোলোৱাৰ বিপৰীতে প্রধানমন্ত্রী কিন্তু কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। তেওঁ অসমৰ ঔদ্যোগিক বিকাশহীনতা, তুষ্টিকৰণ, বাংলামূলীয় লোকৰ অবৈধ অনুপ্রৱেশকেন্দ্রিক বিষয়ত কংগ্রেছক কটু সমালোচনা কৰা দেখা যায়। উল্লেখ্য যে বায়’ ৰিফাইনেৰীটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ নির্মাণত জড়িত বিষয়া-কৰ্মচাৰীৰ সৈতে অঞ্চলটোত উন্নয়নকেন্দ্রিক এক চমু বার্তালাপতো ভাগ লয়। উল্লেখ্য যে নুমলীগড় শোধনাগাৰ আৰু ফিনলেণ্ডৰ দুই প্রতিষ্ঠান ফৰটাম আৰু ক্যামপলিচৰ যুটীয়া প্ৰচেষ্টাত প্রায় ৫,০০০ কোটি টকা ব্যয়েৰে স্থাপিত অসম বায়’ প্রাঃ লিমিটেডত বছৰি ৫০ হাজাৰ মেট্রিক টন ইথানল উৎপাদিত হ’ব, যি পেট্র’লজাত সামগ্ৰীৰ বাবে বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতাক ২০ শতাংশ হ্রাস কৰাত অৰিহণা যোগাব। উচ্চ মূল্যৰ ইথানলৰ উপৰি জৈৱ প্রকল্পটোত বছৰি প্ৰায় ১৯ হাজাৰ মেট্রিক টন ফাৰফুৰেল, ১১ হাজাৰ মেট্রিক টন এচিটিক এচিড আৰু ৩২ হাজাৰ মেট্রিক টন জুলীয়া কার্বন-ডাই অক্সাইড তথা ২৫ মেগাৱাট সেউজ বিজুলীও উৎপাদিত হ’ব। জৈৱ ইথানল প্রকল্পটো উদ্বোধনৰ পাছতে প্রধানমন্ত্রী মোদীয়ে প্রায় ৭,২৩০ কোটি টকা ব্যয়সম্বলিত আৰু নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ ভিতৰতে স্থাপিত হ’বলগা এই প্রকল্পই পলিপ্ৰপিলিনৰ বাবে বিদেশৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ২০ শতাংশ হ্রাস কৰিব। বায়’ ৰিফাইনেৰী উদ্বোধন আৰু পলিপ্ৰ’পিলিন প্ৰকল্পৰ শিলান্যাসৰ এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ সৈতে সহযোগিতা আগবঢ়ায় অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰী, পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব পংকজ জৈন, এনআৰএলৰ অধ্যক্ষ ড° ৰঞ্জিত ৰথ, এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে।