দৈৱকীৰ গৰ্ভে শ্ৰী কৃষ্ণ অৱতাৰ – যমুনা দুলু বৈশ্য

দৈৱকীৰ গৰ্ভে শ্ৰী কৃষ্ণ অৱতাৰ

যমুনা দুলু বৈশ্য
শুৱালকুছি

ভাদ মাহ ৰোহিনী নক্ষত্ৰ
প্ৰকৃতিৰ কি বিতোপন
ভৰা বিলত মকুৱা ফুলৰ হাঁহি
জকমকাই আছে নান্দনিক দৃশ্য
দৈৱকীৰ অষ্টম গৰ্ভে কাৰাগাৰত
পূৰ্ণ অৱতাৰ ৰূপে জনম ল’লে
শ্ৰী কৃষ্ণ আৱিৰ্ভাৱ —
অলৌলিক দৃশ্য নদ-নদী
উল্লাসত নাচিছে ,চাৰিওদিশ
জ্যোতিৰে আলোকময়
পৰম ব্ৰহ্মৰ আগমন —
এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ বিনন্দীয়া ধৰা
অত্যাচাৰী কংসৰ ভয়ে
বসুদেৱে কোলে লৈ পালে নন্দৰ ঘৰ
দৈৱ বাণী শুনাৰ পৰা
দিনে-নিশাই কংসৰ ভয়
ভনী দৈৱকীৰ গৰ্ভে অষ্টম সন্তানে
বধিব —–
মৃত্যুৱে খেদি ফুৰিছে কংসক
এদিন ধ্বংস হৈছিল
কংসক নিধন ,
কৃষ্ণৰ লীলা অতি চমৎকাৰ
ভকত -বান্ধবে বিচাৰি ফুৰে
শ্ৰী কৃষ্ণক স্মৰণ ,
হে ,প্ৰভু অজ্ঞান মন দিয়া জ্ঞান
কৰিছোঁ প্ৰণাম শত সহস্ৰ বাৰ
চৰণে দিয়া ঠাই , বাৰ বাৰ প্ৰণাম ।