নলবাৰীত নদীত উটি আহিল বাণ্ডিলে বাণ্ডিলে টকা

নলবাৰীত নদীত উটি আহিল বাণ্ডিলে বাণ্ডিলে টকা

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা। নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰৰ নৈত উটি আহিল বাণ্ডিলে বাণ্ডিলে টকা। নৈত টকাৰ উজান উঠাক লৈ হাহাকাৰ। নৈৰ পানীত ভাহি আহিল বাণ্ডিলে বাণ্ডিলে ৫০০ টকাৰ নোট। নলবাৰীত উদ্ধাৰ হোৱা টকা ৰাইজে গতালে আৰক্ষীক। জানিব পৰা মতে, শিয়ালমাৰী চৰৰ নৈত টকাৰ বাণ্ডিল পলিথিনত ভাহি আহি থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় যুৱক এজনে। পলিথিনৰ ভিতৰত এনেদৰে টকাৰ বাণ্ডিল দেখি সন্দেহ হোৱাত স্থানীয় লোকে শিয়ালমাৰী চৰ আৰক্ষীক খবৰ দিয়ে। তাৰপিছত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ জানিব পাৰিলে যে সেয়া আচল নহয়, সেইবোৰ আছিল ৫০০ টকাৰ নকল নোট। অৱশেষত আৰক্ষীয়ে নকল নোটৰ বাণ্ডিলকেইটা উদ্ধাৰ কৰে।