অণুগল্প
ৰহস্য
ৰাজলক্ষ্মী বৰঠাকুৰ, দেৰগাঁও
ঘৰৰ বেৰত ওলমি থকা ঘড়ীটো যেন হঠাৎ বন্ধ হৈ গ’ল।ঘৰৰ বাহিৰত ভয় লগা কৈ বতাহৰ শোঁ-শোঁ শব্দ। মই দুৱাৰখন খুলি চাম বুলি আগবাঢ়িলো। কিন্তু দুৱাৰখন ইতিমধ্যে ভিতৰফালে খোলা আছিল। মোৰ টেবুলত এখিলা কাগজ পৰি আছে— লিখা আছে: “তুমি যেতিয়া ঘূৰি আহিবা, মই অপেক্ষা কৰি থাকিম।”