পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৭ উইকেটত জয়লাভ
ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপৰ ষষ্ঠখন খেলত ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান । ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে ১৬ নং অভাৰত ৩টা উইকেট হেৰুৱাই ১২৮ ৰাণৰ লক্ষ্যত উপনীত হয় । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টছত জয়লাভ কৰি পাকিস্তানে বেটিং কৰিবলৈ আহি ৯ টা উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ অভিষেক শৰ্মাই ১৩ টা বলত ৩১ ৰান কৰিবলৈ সক্ষম হয়। এই সময়চোৱাত তেওঁ ৪ টা চাৰি আৰু ২ টা ৬ কোবায়। ইয়াৰ লগতে শুভমন গিলে ৭ টা বলত ১০ ৰান কৰে, তেওঁ ২ টা চাৰি কোবায়। টিলক বৰ্মাই ৩১ টা বলত ৩১ ৰান কৰ, ইয়াৰে তেওঁ ২টা চাৰি আৰু ১টা ৬ কোবায়। ইয়াৰোপৰি সূৰ্যকুমাৰ যাদৱ (নট আউট)য়ে ৩৭ টা বলত ৪৭ ৰান কৰে, ইয়াৰে তেওঁ ৫ টা ৪ আৰু এটা ৬ কোবায়।। লগতে শিৱম ডুবে (নট আউট) ৭টা বলত ১০ ৰান কৰিবলৈ সক্ষম হয়। ভাৰতীয় বলাৰ সকলেও ভাল প্ৰদৰ্শন কৰে। কুলদ্বীপ যাদৱে ৩টা উইকেট নিজৰ নামত কৰে। পাকিস্তানৰ বিৰুদ্ধে ৪ অভাৰৰ খেলত তেওঁ ৪.৫০ ইকনমি ৰেটত মাত্ৰ ১৮ ৰান দিয়ে। এই সময়ত তেওঁ ৩টা উইকেট দখল কৰে। ইয়াৰ লগতে হাৰ্দিক পাণ্ডিয়াই এটা, যশপ্ৰীত বুমৰাহে দুটা, অক্সৰ পেটেলে দুটা আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটা উইকেট দখল কৰিবলৈ সক্ষম হয়। এনে ক্ষেত্ৰত পাকিস্তানীয় ক্ৰিকেট দলটোৱে ২০ অভাৰত মাত্ৰ ১২৭ ৰান কৰিবলৈ সক্ষম হয়।এই জয়ৰ লগে লগে ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটোৰ ছুপাৰ-৪ত প্ৰৱেশৰ সম্ভাৱনাও বৃদ্ধি পাইছে। আনহাতে পাকিস্তানে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব বিচাৰিলে ইউএইৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হ’ব লাগিব। খেলখনত জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চলি থকা দুয়ো দেশৰ তিক্ততাৰ বাবে এক প্ৰকাৰ প্ৰতীকী অসন্তুষ্টি দেখুৱাই পাকিস্তানী খেলুৱৈৰ সৈতে সৌজন্যতামূলক কৰমৰ্দনৰ কৰাৰ পৰাও বিৰত থাকে । ইয়াৰ পূৰ্বে টছৰ পাছতো অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ অধিনায়ক ছলমান আলীক হেণ্ডশ্বেক কৰা নাছিল ।