এছিয়া কাপত আজি মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান
ৰঙিলী বাৰ্ত্তাসেৱা- নানা বিতৰ্কৰ মাজত আজি এছিয়া কাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। ডুবাইত আজি হ’বলগীয়া হাইভল্টেজ মেচখনক লৈ অনুৰাগীৰ মাজত বিশেষ উন্মাদনা নাই । জানিব পৰা অনুসৰি বিক্ৰী হোৱা নাই আজি মেচখনৰ সৰহসংখ্যক টিকট। সন্ধিয়া ৮ বজাৰ পৰা ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। পেহেলগাম আক্ৰমণৰ পিছত এছিয়া কাপৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক লৈ নানা জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। পাকিস্তানৰ বিপক্ষে মেচখনত ভাগ লোৱাৰ বাবে ভাৰত চৰকাৰে অনুমতি প্রদান কৰে যদিও এতিয়াও বহুতে এই মেচখন বাতিল বা বৰ্জনৰ দাবী জনাইছে। অৱশ্যে আজিৰ বহু প্রতীক্ষিত মেচখনক অধীৰ আগ্ৰহেৰে বাট চাই আছে ভাৰত আৰু পাকিস্তান দল দুটাই। ইতিমধ্যে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে ব্যক্ত কৰিছে যে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ লগত খেলিবলগীয়া মেচখনত তেওঁলোকে আগ্রাসী ক্রিকেট খেলিব। মেচখনক লৈ কোনো চাপ নাই বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে মেচখনক লৈ আমি কোনো অতিৰিক্ত চাপ লোৱা নাই। আমি আমাৰ পৰিকল্পনা অনুসৰি মেচখনত অৱতীৰ্ণ হ’ম। বাবৰ আজম আৰু মহম্মদ ৰিজৱান অবিহনে পাক দলটো কিছু দুর্বল হ’ব যদিও আমি তেওঁলোকক সহজভাৱে ল’ব বিচৰা নাই।ইফালে, আজিৰ হাইভল্টেজ মেচখনত ভাৰতীয় দলৰ বেটিং ক্ৰমত কিছু সালসলনি হ’ব বুলি উল্লেখ কৰি বেটিং প্রশিক্ষক সীতাংশু কোটাকে কয় যে মেচখনত অ’পেনাৰ সঞ্জু ছেমছনৰ বেটিং স্থান সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে। সহঃ অধিনায়ক হিচাপে দললৈ প্ৰত্যাৱৰ্তন কৰা শুভমন গিলে অভিষেক শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰিব। গতিকে, সঞ্জুৱে ৫-৬ নম্বৰত বেটিং কৰাৰ সম্ভাৱনা আছে। সঞ্জুৰ দৰে বেটাৰৰ যিকোনো স্থানত বেটিং কৰাৰ সক্ষমতা আছে। অৱশ্যে দলৰ প্ৰয়োজন অনুসৰি অধিনায়ক আৰু প্রশিক্ষকে সেইটো সিদ্ধান্ত ল’ব।