ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত নতুন পদ্ধতিৰে ছাত্ৰ একতা সভাৰ সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত নতুন পদ্ধতিৰে ছাত্ৰ একতা সভাৰ সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ‘ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়’ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন  ২০২৫-২৬ বৰ্ষৰ বাবে ১৩-৯-২৫ত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ১১টা পদৰ ৬ টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।পোনপ্ৰথম বাৰৰ বাবে মহাবিদ্যালয়ৰ নিজা ফিনলেক্ট্ৰা নামৰ ছফ্টৱেৰ দ্বাৰা সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। নতুন পদ্ধতিৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ছাত্ৰ-ছাত্ৰী সকলে নিজৰ মোবাইলতে নিৰ্বাচনৰ ফলাফল সমূহ চোৱাৰ ব্যৱস্থা কৰে। ইফালে ভোট গ্ৰহণৰ অন্তত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া। নতুন পদ্ধতিৰদ্বাৰা মাত্ৰ পোন্ধৰ মিনিটতে ঘোষণা কৰা ফলাফল অনুসৰি সভাপতি অংকুৰ সন্দিকৈ, উপ-সভাপতি হীৰকজ্যোতি চুতীয়া,সাধাৰণ সম্পাদক জুৰিখ চাংমাই নিৰ্বাচিত হয়। আন আন বিভাগৰ সম্পাদক সম্পাদিকা পদত নিৰ্বাচিত প্ৰাৰ্থী সকল হৈছে হিমাংশু পাঙগিঙ ক্ৰীড়া, শিবাশীষ পাল আলোচনী, জুমণি সোণোৱাল ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত নিৰ্বাচিত হয়। মহাবিদ্যালয়ৰ বাংলা বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ড০ স্বপ্না নাথ নিৰ্বাচনৰ ৰিটাৰনিং বিষয়া হিচাপে আছিল। নিৰ্বাচন সুকলমে সম্পন্ন হোৱাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেৱ গগৈয়ে সকলো শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।