গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা লেখিকা প্ৰাণ প্ৰতিমা বড়াৰ গ্ৰন্থ “আবেলি পৰৰ নীড়” উন্মোচন

গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা লেখিকা প্ৰাণ প্ৰতিমা বড়াৰ গ্ৰন্থ “আবেলি পৰৰ নীড়” উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ইংৰাজী ১২ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভা গৃহত   গৌহাটী উচ্চ ন্যায়ালয় শাখা সাহিত্য সভাৰ  প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ নবেন্দু পাঠকে আঁত ধৰা এই অনুষ্ঠানটোৰ সভাপতিত্ব কৰে শ্ৰী কৃষ্ণকান্ত মহন্ত (জ্যেষ্ঠ অধিবক্তা) ও সভাপতি, শ্ৰী দাৰা উল্লা,গৌহাটি উচ্চ ন্যায়ালয় শাখা সাহিত্য সভা, মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শৰ্মা, ড॰ সঞ্জীৱ কুমাৰ শৰ্মা , সম্পাদক, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ও সদস্য, কেন্দ্ৰীয় সমিতি, অসম সাহিত্য সভা,  শ্ৰী শান্তনু বৰঠাকুৰ (অধিবক্তা) ও উপ – সভাপতি, গৌহাটি উচ্চ ন্যায়ালয় উকীল সন্থা, শ্ৰী প্ৰফুল্ল বৰ্মন, সভাপতি, কামৰূপ মহানগৰ জিলা সাহিত্য সভা , সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধিবক্তা তথা গৌহাটী উচ্চ ন্যায়ালয় শাখা সাহিত্য  সভাৰ সম্পাদক শ্ৰী সন্দীপ চমৰিয়াই । গৌহাটী উচ্চ ন্যায়ালয় অধিবক্তা তথা লেখিকা প্ৰাণ প্ৰতিমা বড়াৰ “আবেলি পৰৰ নীড়”  নামৰ গ্ৰন্থখন  উন্মোচন কৰা হয়।  গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰদ্ধাৰ বিপ্লৱ কুমাৰ শৰ্মাদেৱে ৷ উক্ত উন্মোচনত সভাৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে লেখিকাৰ পিতৃ-মাতৃৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হয় ৷