সন্দেহবাদী মন মানে ব্যক্তিত্বৰ অৱনতি
শৈলেন কুমাৰ,
মিৰ্জা ( দক্ষিণ কামৰূপ )
সন্দেহ,চতুৰ আৰু চঞ্চল অৱশেষত শূন্য এই বাক্যশাৰীৰ অৰ্থ বহুজনৰ বাবে ভ্ৰান্তি অথবা দিঠক হব পাৰে ৷ সন্দেহৰ কৱলত পৰি বহুজন বিভিন্নধৰণে ধ্বংস হোৱাৰ প্ৰমাণ আছে ৷ সাধাৰণতে আমাৰ মনত বিভিন্ন ধৰণৰ চিন্তাই ক্ৰিয়া কৰি থাকে ৷ সকলোৰে চিন্তাৰ কাৰণ ভিন্নভিন্ন ৷ তাৰ উপৰিও অন্যৰ তুলনাত নিজকে শ্ৰেষ্ঠতম সজোৱাৰ প্ৰতিযোগিতা বহুৰঙী ৷ সন্দেহ এটা এনেকুৱা বস্তু যিটো বস্তুৱে বহুতৰে জীৱন,সংসাৰ,সম্পৰ্ক ধ্বংস কৰিছে ৷ বহুতৰ সাংসাৰিক জীৱন ধ্বংস কৰিছে ৷ লগতে সৰুবৰ সন্দেহবাদী চিন্তাধাৰাৰ কথাটো বাদেই দিলো ৷ আমি কেতিয়াবা আনক এৰি নিজক প্ৰশ্ন কৰিছোনে? আমি আনক প্ৰশ্ন কৰাত ইমানেই অভ্যস্ত হৈ পৰো যে নিজক প্ৰশ্ন কৰাটো আত্মঅভিমানত লগা কথা হৈ পৰে ৷ আমি আনক তুচ্ছজ্ঞান কৰিব পাৰো কিন্তু নিজক তুচ্ছৰ শাৰীত ৰাখিব নিবিছাৰোঁ ৷ আৰু যেতিয়ালৈকে আমাৰ অনুশোচনা হয় তেতিয়ালৈকে বহু পলম হৈ যায় আমি শুধৰণি কৰিব বিচাৰিলে শুধৰাব নোৱাৰো ৷ আচলতে আমাৰ সন্দেহ কিয় উপজে ? এই সন্দেহ পাছত গৈ হিংসা,ঈৰ্ষা,ষড়যন্ত্ৰৰ কাৰক হৈ পৰে ৷ নিজস্ব নীতিআদৰ্শহীন মানুহৰ সন্দেহ উপজি উঠাটো স্বাভাৱিক কথা ৷ নিজস্বতাৰ অৰ্থ এয়া নহয় যে মহাত্মাৰ বাণী ৷ নিজস্বতাৰ অৰ্থ হৈছে নিজে নিজৰ লগত হোৱা পৰিচয় ৷ জীৱনৰ উদ্দেশ্য লক্ষ্য কি হোৱা উচিত ? একাংশৰ মতে ধনসম্পত্তি,অট্টালিকা,ধুনীয়া পত্নী,ভাল চাকৰি,লৰাছোৱালী এইবোৰ নহয় জানো ? শতকৰা ৯৯ শতাংশ মানুহৰ মতে এয়াই জীৱনৰ লক্ষ্য তথা জীৱনৰ সুখ ৷ ভোগ আৰু স্বাৰ্থত লিপ্ত মানুহ সন্দেহবাদী হয় ফলত তুলনা আৰু প্ৰতিযোগিতাৰ বহুৰঙী ক্ষেত্ৰতখনত উপঙি সৰ্বস্ব বিনাশ হয় ৷ বিনাশ হয় চৰিত্ৰ,আদৰ্শ,নৈতিক জ্ঞান,লাজচৰম,ব্যক্তিত্বৰ সমূলি বিনাশ হয় ৷ সুখৰ সংজ্ঞা কেতিয়াও ভোগ হব নোৱাৰে ৷ ত্যাগ অবিহনে প্ৰকৃত সুখৰ উপলব্ধি হব নোৱাৰে আৰু আমি কেৱল সংগ্ৰহ কৰাত ব্যস্ত ৷ আমাৰ অভাৱৰ অন্ত নাই সেইবাবে ছটফটাই থাকো কাৰণ জীৱনত শান্তি নাই ৷ শান্তি আৰু অশান্তিৰ দোমোজাত ভুক্তভোগী জনগন ৷ আনক এৰি নিজক চাবলৈ শিকক,আনক তুলনা কৰিবলৈ এৰি নিজক প্ৰশ্ন কৰিবলৈ শিকক তেতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰিব ৷