ইউ এ ইক ৯ উইকেটত পৰাস্ত কৰি এছিয়া কাপৰ অভিযান আৰম্ভ ভাৰতৰ

ইউ এ ইক ৯ উইকেটত পৰাস্ত কৰি এছিয়া কাপৰ অভিযান আৰম্ভ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপ ২০২৫ ৰ দ্বিতীয়খন মেচ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ভাৰতৰ মাজত বুধবাৰে অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখনৰ গ্ৰুপ এৰ ল’ স্ক’ৰিং মেচখনত টীম ইণ্ডিয়াই মাত্র ২৭টা বলতে জয়ৰ লক্ষ্যত উপনীত হয়। ইউএইয়ে জয়ৰ বাবে বান্ধি দিয়া মাত্র ৫৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শৰ্মাৰ ৩০ আৰু শুভমন গিলৰ অপৰাজিত ২০ ৰানৰ সহায়ত ভাৰতে ৪.৩ অভাৰত এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অপেনাৰদ্বয় অভিষেক আৰু শুভমনে প্রথম উইকেটৰ যুটিত ৪৮ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তোলে। অভিষেকৰ ১৬টা বলৰ ইনিংছটোত আছিল দুটা চাৰি আৰু তিনিটা ছয়। ইফালে, গিলৰ মাত্র ৯টা বলৰ ইনিংছটোত আছিল দুটা চাৰি আৰু এটা ছয়। অধিনায়ক সূর্যকুমাৰ যাদৱে ৭ ৰান কৰি অপৰাজিত হৈ থাকে। ইউএইৰ হৈ একমাত্র উইকেটটো দখল কৰে জুনাইদ ছিদ্দিকীয়ে। ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি কুলদীপ যাদৱ আৰু শিৱম ডুবেৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ সংযুক্ত আৰব আমীৰশ্বাহীয়ে ১৩.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৫৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কুলদীপ আৰু শিৱমৰ দুর্দান্ত বলিঙৰ সন্মুখত ঘৰুৱা দলটোৰ কোনো এজন বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। অপেনাৰ আলিছান শ্বাৰাফুৱে সৰ্বাধিক ২২ ৰান কৰাৰ লগতে আনগৰাকী অ’পেনাৰ তথা অধিনায়ক মহম্মদ ৱাছিমে ১৯ ৰানৰ অৰিহণা আগবঢ়ায়। দলটোৰ ৯গৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰাত ব্যৰ্থ হয়। মাত্র ১০ ৰানৰ ব্যৱধানত ইউএইয়ে অন্তিম ৮টা উইকেট হেৰুৱায়। ভাৰতীয় দলটোৰ হৈ কুলদীপ যাদৱে ৭ ৰানত চাৰিটা উইকেট লাভ কৰাৰ লগতে শিৱম ডুবেই চাৰি ৰানত তিনিটা উইকেট লাভ কৰে। ইপিনে যশপ্রীত বুমৰাহ, অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱতীয়ে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে দেওবাৰে ভাৰতে পাকিস্তানৰ বিপক্ষে পৰৱৰ্তী মেচ খেলিব।