ৰাণুদেবীলৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি – অঞ্জু শাণ্ডিল্য

ৰাণুদেবীলৈ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি

অঞ্জু শাণ্ডিল্য

আমাৰ মা(ইলা গোস্বামী)ক প্ৰথম লগ পাই মানুহ গৰাকীয়ে কৈছিল, “এই গৰাকী মানুহক খুৰীটি বুলি নামাতো দেই। বাইদেউ বুলি মাতিম।” মানুহ গৰাকীৰ শহুৰেকক বাবাই দাদা বুলি মাতিছিল বাবেই মাক তেখেতে খুৰীটি মাতিব লাগে; কিন্তু কম বয়সীয়া মাক বাইদেউ বুলি মাতিছিল।আমি ঢাপকটা বৰসত্ৰলৈ অহাৰ পিছতহে মানুহ গৰাকীক প্ৰথম দেখিছিলো।তালাপ চাহ বাগিচাত চাকৰি কৰা তেখেতৰ স্বামীক, পুত্ৰ বালুকো মাজে মাজে ঢাপকটাৰ পুৰণা ঘৰ(পবিত্ৰ দাদা)লৈ আহিলে দেখিছিলো।সুভাসে বালুক আমাৰ লগত প্ৰথম চিনাকী কৰাই দিছিল ।পাছত বালুহত ঢাপকটাত নিজাকৈ ঘৰ সাজি থাকিবলৈ ল’লে।তেতিয়াৰ পৰা মানুহ গৰাকীক প্ৰায়েই লগ পাইছিলো ।বিয়াৰ পিছতো বালুহতৰ ঘৰলৈকো দুবাৰ মান গৈছিলো।ঢাপকটালৈ গ’লে বাটে-পথে লগ পালে কৈছিল, অঞ্জু, কেতিয়া আহিলা? আমাৰ ফালে যাবাচোন।এনেকৈ ক’বলৈ আৰু মানুহ গৰাকী নাই ।আজি মানুহ গৰাকীৰ আদ্য শ্ৰাদ্ধ।বালু,বানুকে আদি কৰি পৰিয়ালৰ সকলোকে সমবেদনা জনাইছো আৰু আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি জনাইছো ।