নামঘৰ আৰু মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ  – অনামিকা (সংগীতা)কলিতা

নামঘৰ আৰু মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

জয় জয় বৰদোৱা বৈকুন্ঠ দুতয় ।
সেহি স্থানে শঙ্কৰ গুৰু ভৈল উদয় ।।
চাৰিওফালে চাৰি হাটী মহা ভক্ত গণ ।
চৈধ্যয় প্ৰসংগ কৰে নাম কীৰ্তন ।।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া সমাজৰ এগৰাকী  আদৰ্শ গুৰু ,তেখেতক  পৰম পিতা পৰমেশ্বৰে অৱতাৰ ৰূপে পঠোৱা যেন লাগে ,ঐতিহাসিক সেই সময়ত অন্ধকাৰ সমাজৰ  পোহৰৰ বাটৰ  সন্ধান দিয়া  মহান ব্যক্তি  গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।  শিৰোমণি ভূঞাৰ বংশত জন্ম গ্ৰহণ কৰা  মহাপুৰুষজনাই  সমাজ তথা  পৰিয়াল আদিৰ মাজত উচ্চ-নিচ ব্যৱধান দূৰ কৰিবলৈ  এক শৰণ বৈষ্ণৱ ধৰ্মৰ পাতনি মেলিছিল ।তেওঁ পূজা পাতল জীৱহত্যা আদিৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে এটা জীৱক হত্যা কৰি  এটা জীৱ কেতিয়াও সুখী হ’ব নোৱাৰে। তেখেতৰ এক শৰণ হৰিনাম  ধৰ্মৰ আদৰ্শক গাৰোৰ গোবিন্দ,নগাৰ নৰোত্তম,কৈৱৰ্তৰ ৰাধিকা,মিছিঙৰ পৰমা,আহোমৰ নৰহৰি আদিয়ে এক মত পোষণ কৰি নিকা সমাজ প্ৰতিষ্ঠাৰ অংশীদাৰ হৈছিল।  সকলো জীৱ  ইশ্বৰৰ সৃষ্টি সকলোৰে অন্তৰত ইশ্বৰৰে বাস এয়া  তেখেতৰ  উদাৰ সম  দৃষ্টিভংগী  সমাজখনৰ কাৰণে  ধনাত্মক দিশ অশুভ শক্তিৰ নাশৰ এক বিৰল উদাহৰণ। কাম,ক্ৰোধ,লোভ ,মোহ,মদ,মাৎচৰ্য  এই ছয় ৰিপুক দমন কৰিব পাৰিলে ব্যক্তিয়ে অসাধ্য সাধন কৰিব পাৰে।সৎকৰ্ম আৰু মানৱতা আছিল মহাপুৰুষ জনাৰ প্ৰকৃত আদৰ্শ  ।

মহাপুৰুষ জনাৰ ধৰ্ম  প্ৰচাৰত নামঘৰৰ এক উল্লেখযোগ্য ভূমিকা আছে। নামঘৰ আৰু অসমীয়া সমাজখনৰ এক ওতঃপ্ৰোত সম্পৰ্কৰ আছে ।পূৰ্ব পুৰুষ সকলৰ সামাজিক সকলো কামৰ আলোচনা পৰ্যালোচনা নামঘৰত বহি সকলো সিদ্ধান্ত গ্ৰহণ কৰিছিল।নামঘৰ  উপাসনা স্থল হোৱাৰ লগতে অসমীয়া সমাজখনৰ সকলো বিষয়ৰ নিষ্পত্তি স্থল হিচাপে পৰিগণিত হৈছিল এতিয়াও দুই এঠাইত নিশ্চয় আছে।  গাঁওত  ভাওনা -সভাহ  , ৰং -ধেমালি সকলো নামঘৰতে উদযাপন কৰিছিল এতিয়াও হয়। প্ৰভু শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা,ফাকুৱা খুব ধুম ধামেৰে বৰদোৱা,দৌল গোৱিন্দ , শুৱালকুছি শ্ৰীশ্ৰীহাটী আদি  বিভিন্ন সত্ৰ নামঘৰত অনুষ্ঠিত হোৱা দেখিছোঁ ।গতিকে অসমীয়া সমাজ জীৱনত নামঘৰৰ উল্লেখ যোগ্য ভূমিকা আছে।

কিন্তু এই নামঘৰ উৎপত্তি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ আশীৰ্বাদত।

“”শ্ৰী মন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।”

সমাজ জীৱনলৈ তেওঁৰ অৱদান সত্ৰ /নামঘৰ আৰু বৰগীত ইত্যাদি অনেক আছে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰ দেৱে ধৰ্মৰ চাৰিখুঁটি মাৰি ভাগৱত ধৰ্মৰ পাতনি মেলিছিল ।এই ভাগৱত ধৰ্মৰ প্ৰৱৰ্তনৰ খাতিৰত চাৰিহাটি,দৌলগৃহ,মণিকূট,কীৰ্তন ঘৰ আদিত ভক্তগণ আদি সমাহাৰে জ্ঞানৰ আলোক বিতৰণ কৰিছিল ,যাক আমি নামঘৰ বুলি কওঁ ।

এই নামঘৰ বা কীৰ্তন ঘৰত হৰিৰ -কথা চৰ্চাৰ প্ৰসংগ , গুৰু ,দেৱ ,নাম,ভকত এই চাৰি বস্তু। গুৰুজনাৰ আশীৰ্বাদ লৈ ১৫৪৩ খ্ৰীষ্টাব্দত তেওঁৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰে।তিনি প্ৰসঙ্গৰ পৰিবৰ্তে চৈধ্য প্ৰসঙ্গ,গীত মাত ঘোষা আদি পৰিবেশন কৰিছিল।

বৰপেটা,কমলাবাৰী ,শুৱালকুছি হাটী সত্ৰ  আদি তেওঁৰ শিষ্য সকলে স্থাপন কৰি, খোল -বাদ্য ,হৰি নাম প্ৰসঙ্গ পৰম্পৰাগত ভাৱে পৰিবেশন কৰি অসমীয়া সমাজখনৰ এক উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছিল যাৰ কাৰণে এতিয়াও এক আধ্যাত্মিক সৎ পথত আগুৱাই যোৱাত সমাজখনক সহায় কৰিছে । শ্ৰীমন্ত শঙ্কৰদেৱৰ কীৰ্ত্তন -ঘোষা ধৰ্মীয় গ্ৰন্থক বেদৰ স্থান পাইছে ঠিকে তেনেকৈ তেওঁৰ পৰম শিষ্য  মহাপুৰুষ মাধৱ দেৱৰ নাম-ঘোষাত এহেজাৰ ঘোষা থকা কাৰণে হেজাৰী ঘোষা বুলি কয়।দুয়োখন গ্ৰন্থ প্ৰায় ভাগ নামঘৰতে বিদ্যামান।ভকতসকলে আওৰাই থাকে।

অসমৰ সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শঙ্কৰ দেৱে সত্ৰ /নামঘৰ প্ৰতিষ্ঠা কৰাৰ উপৰিও বৰগীত সমূহ ৰচনা কৰি  , লোক-সংস্কৃতি চৰ্চা কৰি আমাৰ সমাজখনৰ বিকাশৰ কাৰণে এক উল্লেখনীয় পথ প্ৰদৰ্শন কৰি থৈ গৈছে ।তেখেতৰ একমাত্ৰ উদ্দেশ্য  আছিল সমাজখন সংস্কাৰ কৰি কু সংস্কাৰ নাশ কৰা। সাম্প্ৰতিক সময়ত বিভিন্ন পৰিস্থিতি চিন্তা চেতনা বোৰ পৰিবৰ্তন হৈছে যদি ভাল আৰু শুদ্ধ পথত হয় সেয়া শুভ লক্ষণ  ।যদি নহয় সময়ৰ সোঁতত উটি যোৱা বিধৰ হয়,তেন্তে সেয়া হ’ব জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যৰ বিষয় । গতিকে অসমীয়া জাতিটোৰ বৌদ্ধিক জীৱনৰ ওপৰত  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ  আৰু নামঘৰৰ বিশেষ স্থান আছে । আমি সকলোৱে গুৰুজনাৰ আদৰ্শ লগতে নামঘৰ/সত্ৰ  পৱিত্ৰ ঠাই বোৰ ৰক্ষণা-বেক্ষণ দিব লাগিব ।সমাজখনক শুদ্ধ পথত আগবঢ়াই নিব লাগিব। ধৰ্মক দোহাই দি কিছুমান অশুদ্ধ বাতাবৰণ গঢ়ি তুলিব চেষ্টা কৰা সকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব। কেতিয়াবা কিছুমান লোকৰ কু চক্ৰান্তৰ কাৰণে জটিল  সমাজ ব্যৱস্থাৰ সৃষ্টি হয় তাক আমি নিঃশেষ কৰিব লাগিব  ।আমাৰ দায়িত্ব আমাক গুৰু জনাই দি যোৱা সৎ আদৰ্শ  নৱপ্ৰজন্মৰ আগত দাঙি ধৰিব লাগিব। গতিকে নামঘৰৰ দৰে পৱিত্ৰ ঠাইতহে সকলো সম্ভৱ এয়া সম্ভৱ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদত ।