জীৱন্তে অগ্নিদগ্ধ হৈ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীৰ মৃত্যু 

জীৱন্তে অগ্নিদগ্ধ হৈ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  অগ্নিগর্ভ নেপাল। প্রথম দিনাতকৈ দ্বিতীয় দিনা অধিক ভয়াৱহ হৈ উঠিছে বিক্ষোভৰ জুই। সামাজিক মাধ্যম নিষেধাজ্ঞাক লৈ নেপালৰ ৰাজধানী কাঠমাণ্ডু উত্তপ্ত হোৱাৰ পাছত দ্বিতীয় দিনা এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰে যদিও ক্ষোভৰ জুয়ে দহিছে নেপাল। শাসকীয় দলৰ লগতে ৰাজনীতিকৰ প্ৰতি প্ৰচণ্ড ক্ষোভৰ উদ্গিৰণ ঘটিছে বিক্ষোভকাৰীৰ  মাজত। হিংসাৰ জুইত জ্বলিছে ৰাজধানী কাঠমাণ্ডুকে ধৰি সমীপৱৰ্তী অঞ্চলসমূহ। বিক্ষোভকাৰীয়ে জ্বলাই দিছে ইটোৰ পাছত সিটো চৰকাৰী কাৰ্যালয়। ৰাষ্ট্ৰপতিৰ প্রাসাদৰ পৰা উচ্চতম ন্যায়ালয়, প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা ৰাজনীতিকৰ সা-সম্পত্তিক লক্ষ্য কৰি লৈছে বিক্ষোভকাৰীয়ে। দুর্নীতিগ্ৰস্ত চৰকাৰখনৰ মন্ত্ৰীৰ পৰা বিষয়ববীয়া আৰু ৰাজনৈতিক নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্রতিবাদকাৰীয়ে। কালি গৃহমন্ত্রীয়ে পদত্যাগ কৰাৰ পাছত চৰকাৰৰ তৰফৰ পৰা বিক্ষোভকাৰীক তেওঁলোকৰ আন্দোলন শিথিল কৰি শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ কেইমিনিটমান পাছতে বিক্ষোভকাৰীয়ে কাঠমাণ্ডুত ৰাষ্ট্ৰপতিৰ প্রাসাদত অগ্নিসংযোগ কৰে। অগ্নিসংযোগ কৰাৰ সমান্তৰালকৈ বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ প্রাসাদত লুটপাত চলায়। তেনেদৰে প্রধানমন্ত্রী কে পি অ’লি শৰ্মাৰ বাসগৃহতো অগণন উন্মত্ত জনাই ভিৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু সেনা মোতায়েন কৰা হয় যদিও বিক্ষোভকাৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যক্তিগত বাসভৱনত অগ্নিসংযোগ কৰে। ইয়াৰ পাছত দুপৰীয়া সংসদ ভৱনৰ সকলো দুৱাৰ সেনাই খুলি দিয়াৰ লগে লগে বিক্ষোভকাৰীয়ে তাত প্ৰৱেশ কৰে। উক্ত সময়তে দেশখনৰ বিত্তমন্ত্রী বিষ্ণুপ্ৰসাদ পৌৰেল আক্ৰমণৰ সন্মুখীন হয় প্রতিবাদকাৰীৰ। বিত্তমন্ত্ৰীগৰাকীক ৰাস্তাৰে দৌৰাই দৌৰাই প্ৰহাৰ কৰে বিক্ষোভকাৰীয়ে। ইপিনে উন্মত্ত জনতাই সংসদ ভৱনত অগ্নিসংযোগ কৰাৰ সমান্তৰালকৈ সমীপৱৰ্তী আৰক্ষী থানাও জ্বলাই দিয়ে। বিক্ষোভকাৰীয়ে ত্রিভুবন আন্তর্জাতিক বিমানবন্দৰ দখল কৰে। পৰিণতিত বিমান বন্দৰৰ সকলো উৰণ সেৱা বাতিল কৰিবলগীয়া হয়। নেপালগামী ভাৰতীয় বিমানৰ সেৱাও বাতিল কৰে। দুপৰীয়া ২.১০ বজাত বিক্ষোভকাৰীৰ প্ৰচণ্ড চাপৰ সম্মুখীন হৈ প্রধানমন্ত্রী কে পি আলি শর্মাই পদত্যাগ কৰে। ৰাষ্ট্ৰপতি ৰামপ্রসাদ পৌৰেলে প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগ গ্রহণ কৰে। সেনাৰ পৰামৰ্শ মতেহ প্রধানমন্ত্রী শর্মাই পদত্যাগ কৰি বাণিজ্যিক বিমানেৰে নেপাল ত্যাগ কৰে বুলিও সংবাদ মাধ্যমত চর্চিত হৈছে। বিক্ষোভকাৰীয়ে প্রাক্তন প্রধানমন্ত্রী শ্বেৰ বাহাদুৰ দেউবাৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁৰ লগতে পত্নীকো মাৰধৰ কৰে। আনপিনে দেশখনৰ বিদেশ মন্ত্রী আর্জু ৰাণাকো প্রচণ্ড প্ৰহাৰ কৰে আন্দোলনকাৰীয়ে। ইয়াৰ মাজতে বিক্ষোভকাৰীৰ এটা দলে প্রাক্তন ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীৰ বাসগৃহতো অগ্নিসংযোগ কৰে। চৰকাৰৰ মুৰব্বী, প্রাক্তন মুৰব্বীৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ উপৰি সন্ধিয়া বিক্ষোভকাৰীয়ে দেশখনৰ উচ্চতম ন্যায়ালয়ত অগ্নিসংযোগ কৰে। বিক্ষোভকাৰীয়ে ৰাজধানী চহৰখনৰ চৰকাৰী কাৰ্যালয়ৰ পৰা ৰাজনীতিকৰ সা-সম্পত্তি অগ্নিসংযোগ কৰি লণ্ডভণ্ড কৰাৰ লগতে ৰাজনৈতিক নেতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাত উদ্বিগ্ন হৈ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰেলেও পদত্যাগ কৰে। গুৰুত্বপূৰ্ণ যে নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী ঝালানাথ খানালেৰ পত্নী ৰবিলক্ষ্মী চিত্ৰকৰক বিক্ষোভকাৰীয়ে জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্রাক্তন প্রধানমন্ত্রী খানালেৰ বাসগৃহত বিক্ষোভকাৰীয়ে আক্ৰমণ কৰি পত্নীক জীৱন্তে জ্বলাই দিয়ে। তথ্য মতে, প্রাক্তন প্রধানমন্ত্রী প্রচণ্ড বাসগৃহতো বিক্ষোভকাৰীয়ে আক্রমণ চলাই লণ্ডভণ্ড কৰে। দুর্নীতিগ্ৰস্ত ৰাজনীতিকৰ প্ৰতি প্ৰচণ্ড বিস্ফোৰক ঘটনা এই বিক্ষোভৰ সময়ত ৰাজনীতিকৰ সা-সম্পত্তিক লক্ষ্য কৰি লোৱা হৈছে। কাঠমাণ্ডুৰ বিখ্যাত হিল্টন হোটেলতো অগ্নিসংযোগ কৰে বিক্ষোভকাৰীয়ে। তথ্য মতে এই হোটেলখন শাসকীয় দলৰ নেতাৰ। আনপিনে, দেশখনৰ ৰাজনৈতিক দলসমূহৰ কাৰ্যালয়ত আক্ৰমণৰ লক্ষ্য কৰি লয় বিক্ষোভকাৰীয়ে। নেপাল কংগ্রেছ পার্টী, কমিউনিষ্ট পার্টীৰ মুখ্য কার্যালয়ো ভস্মীভূত কৰে ক্ষোভিত জনতাই। কাঠমাণ্ডুত চৰকাৰৰ দুৰ্নীতি আৰু সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ তৰুণ প্রজন্মই চৰকাৰৰ বিৰুদ্ধে শান্তিপূর্ণভাৱে আন্দোলনৰ পথ লৈছিল যদিও পিছলৈ ই হিংসাত্মক ৰূপ লয়। ই ইমানেই হিংসাত্মক ৰূপ লয় যে ৰাজধানী চহৰ কাঠমাণ্ডু সম্পূৰ্ণৰূপে হিংসাৰ জুইত জাহ যোৱাৰ উপক্ৰম হৈছে। কালি কাঠমাণ্ডুত ৰাজপথলৈ ওলাই অহা চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰা প্ৰতিবাদকাৰীক আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বাধা প্রদান কৰাৰ পাছতে পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰে। কালি প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰোতে কন্দুৱা গেছ, পানীহিলৈ, লাঠীচালনা, পাছলৈ গুলীচালনা কৰে নিৰাপত্তা বাহিনীয়ে। প্রতিবাদী যুৱক-যুৱতী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্রত্যক্ষ সংঘাত হয়। আৰক্ষীৰ গুলীত ২১জন প্রতিবাদকাৰী নিহত হোৱাৰ লগতে ৩০০তকৈ অধিক আহত হয়। ইয়াৰ পাছতে আন্দোলনে এনে ৰূপ লয় যে কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰি দেখামাত্রকে গুলীওৱাৰ নিৰ্দেশ দিয়া হয়।