যুৱ প্ৰজন্মক প্ৰয়োজন কলমৰ অস্ত্ৰৰ নহয় – আয়শা ছিদ্দিকা

যুৱ প্ৰজন্মক প্ৰয়োজন কলমৰ অস্ত্ৰৰ নহয় 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

আমি অসমীয়া আবেগিক। আৰু যেতিয়া আবেগে বুৰাই পেলাই বিবেকে কাম কৰিবলৈ পাহৰি যায়। সেইকাৰণে আবেগিক মানুহক আন সুবিধাবাদী মানুহে সহজতে নিজৰ মায়া চক্ৰৰ ঘেৰত পেলাই কাৰ্য সিদ্ধি কৰিব পাৰে।

অসমীয়া মানুহ আবেগিক আৰু কোমল অন্তৰ প্ৰকৃতিৰ হয় বাবেই দুষ্ট চক্ৰই নিজৰ জাল বুনি মূৰৰ ওপৰত কঁঠাল ভাঙি খোৱাৰ সাহস কৰিব পাৰে । কিছুমান দল হওক বা সংগঠন নিজৰ কাৰ্য্য সফল কৰিবলৈ মূল অস্ত্ৰ হিছাপে মানুহৰ আবেগক ব্যৱ্হাৰ কৰা দেখা গৈ আছে। মানুহ এজন যিমানেই শক্তিশালী হওক যিমানেই প্ৰভাৱশালী হওক এটা ঠাইত দুৰ্বল সেইটো হল জাতি আৰু ধৰ্মৰ বিষয়। সকলো বিষয়ত চাতুৰালিৰে কাম কৰি সফল হোৱাৰ উদাহৰণ বহুত থাকিলেও  জাতি ধৰ্মৰ ক্ষেত্ৰত যে বিবেক বন্ধকত থয় তাৰো উদাহৰণ শত শত পোৱা যায়।

কিছু দুষ্ট চক্ৰই নিজৰ ৰাজনৈতিক , অৰ্থনৈতিক আৰু নিজক প্ৰভাৱশালী ৰূপত গঢ়িবলৈ এই সুযোগ কামত লগাই। প্ৰথমে বিদেশী বুলি উচ্ছেদ হ’ল, ভাষাৰ নিচিনা এটা আন্ত: বিষয় লৈ ভিন্ন ভাষী লোকৰ মাজৰ একতা ছিন্ন, জাতি,ধৰ্ম,সম্প্ৰদায়ৰ নামত এক মহা তাণ্ডৱ আৰম্ভ হ’ল ,যি তাণ্ডৱে গোটেই ৰাজ্য তচনচ কৰিছে। আজি সেই ফিৰিঙতি দাৱানল ৰূপ ধাৰণ কৰি জ্বলি আছে ধাওধাও কৈ।

আৰু যেতিয়া বন্দুকৰ নিচিনা মৰণাস্ৰ এটা লগত ৰখাৰ অনুমতি দিয়া হয় তেতিয়া সমাজত আমন(শান্তি)ৰ চিহ্নও বাকী নাথাকে।

আমি যুৱ সমাজে কিতাপ আৰু কলম বিচাৰো । কিহৰ শংকা যুৱ সমাজ শিক্ষিত হ’ব বুলি। এনেই যিবোৰ পাঠ্যক্ৰমত শিকোৱা হয় বাস্তৱ জীৱনত, কৰ্ম ক্ষেত্ৰত কামত নাহে প্ৰতিভা অন্ধ দক্ষ শ্ৰমিকৰ ন্যায় । দক্ষতা আছে কিন্তু সঠিক ব্যৱহাৰ হয় নে অপব্যৱহাৰৰ হয় ধৰিব নোৱাৰি। যুৱ সমাজ অন্ধকাৰ আঁতৰাই ৰেঙনিৰ আভাস টানি অন্ধকাৰত ডুব যোৱা সমাজ পোহৰাই তোলাৰ সপোন ৰঙে বুলি সপোন  অংকুৰিত হোৱাতেই আত্মবিশ্বাস ভাঙি ঘূৰি কৰি দিয়াটো কম আছিল জানো যে এতিয়া অস্ৰৰ ব্যৱস্হা কৰি আছে।

কথা হ’ল খিলঞ্জীয়া সকলৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা কৰিছে বুলি দাবী কৰে। কিন্তু কথা হ’ল খিলঞ্জীয়া যে অসুৰক্ষিত সেইটো সংবাদ মাধ্যম, কিছুমান ৰাজনৈতিক দল,সংগঠনৰ নেতাৰ ভাষণ, সামাজিক মাধ্যম নাথাকিলে গম নাপালোঁহেতেন চাগে। কিয়নো আমি বিদ্যালয়, মহাবিদ্যালয়ৰ, বজাৰ-সমাৰ আদিত বহু জাতি, জনগোষ্ঠী, বহু ভাষিক লোকৰ সান্নিধ্য লাভ কৰো কোনেও কেতিয়াও অসুৰক্ষিত অনুভৱ কৰা আমি দেখা নাই শুনাও নাই।

এনেকুৱা এটা বিষয়ক মূল আধাৰ হিচাপে লৈ ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ পৰিকল্পনা হৈ আছে আৰু  অন্ধকাৰ জয়াল বাটৰ কাষত জোনাকী পৰুৱাৰ পোহৰ দেখি আনন্দত মত্ত হৈ নাচি আছে। সিহঁতে নাজানে চাগে জোনাকী পৰুৱা তাতেই থাকে য’ৰ পিছত জয়াল থাকে। বিপথে খোজ দি সেই নূন্যতম বোধ শক্তিও হেৰুৱাইছে।

যুৱ প্ৰজন্ম যদি পোহৰৰ বাট হেৰুৱাই ঘোৰ অন্ধকাৰৰ বাটত খোজ দিয়ে সমাজ এখন,দেশ এখন উন্নত হ’ব কেনেকৈ….? কিয়নো যুৱ সমাজ দেশৰ ভৱিষ্যত। সেইকাৰণে সমাজৰ হকে,দেশৰ হকে যুৱ সমাজ সঠিক পথত চলাটো অত্যাৱশ্যক। আৰু তাৰ বাবে প্ৰয়োজন কিতাপ, জ্ঞান,কলম আৰু সঠিক দিশ-নিৰ্দেশনাৰ। অস্ত্ৰৰে কেতিয়াও শান্তি কায়েম হয়, সততাৰ গঢ়ানিষ্ঠাবান বীৰ পুৰুষ নহয়, এয়া একমাত্ৰ কলমেৰেই সম্ভৱ। সেইকাৰণে কলমক শ্ৰেষ্ঠ অস্ত্ৰ বুলিও কোৱা হয়।

মৰণাস্ৰৰে মাথোঁ হিংসা,বিবাদ, হত্যাৰে পৰিৱেশত অশান্তিৰ প্ৰলয় বাজিব। শান্তিৰ অময়াপুৰী অশান্তিৰ দাৱানলত ভষ্ম হ’ব।