লঠঙা গছজোপা – হীৰক কলিতা

Pc Stock Cake

লঠঙা গছজোপা

হীৰক কলিতা , নলবাৰী 

খিৰিকী মেলিলে দেখা পাওঁ
লঠঙা গছজোপা মোৰ
দৰেই ঠিয় হৈ থাকে ।
নিঃশব্দে সহ্য কৰিছে
লঠঙা হোৱাৰ যন্ত্ৰণা ।
মৃত্যুমুখী ৰোগীৰ হাড়ৰ
দৰেই ৰ’দত জিলিকে
গছজোপাৰ ঠাল – ঠেঙুলি
তথাপিও গছজোপা ঠিয়
হৈ থাকে এটি শিলৰ দৰে ,
এটি মূৰ্তিৰ দৰেই ।
নতুন কুঁহিপাতৰ অপেক্ষাত
ৰৈ থাকি গছজোপা
ভাগৰি পৰিছে , তথাপিও
বহুদিনেই হ’ল অপেক্ষাৰ
অন্ততো নতুন কুঁহিপাত
নাহিল ।
আজিও খিৰিকী খন মেলিলে
দেখা পালোঁ মোৰ দৰেই ঠিয় হৈ
আছে , মোৰ ফালে চাই আছে
এজোপা মৃত্যুমুখী অসহায়
লঠঙা গছ ।