বিশ্বজনীন হিন্দু ঐক্যৰ পক্ষত হিন্দু সুৰক্ষা সেনা , অসম
ৰঙিলী বাৰ্ত্তাসেৱা- সংখ্যাগৰিষ্ঠ মুছলমানৰদ্বাৰা নিগৃহীত হৈ আফগানিস্তান , পাকিস্তান আৰু বাংলাদেশৰপৰা ভাৰতলৈ অহা সেই দেশ কেইখনৰ ধৰ্মীয় সংখ্যালঘূসকলৰ প্ৰতি ভাৰতৰ এক ঐতিহাসিক দায়িত্ব আছে আৰু এনে দায়িত্বৰপৰা ভাৰত চৰকাৰ বা ভাৰতীয় জনগণ,— কোনেও গা এৰা দিব নোৱাৰে ৷ এই মন্তব্য ৰাষ্ট্ৰীয় ভাবাপন্ন অগ্ৰণী জাতীয় সংগঠন , হিন্দু সুৰক্ষা সেনা , অসমৰ ৷ আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে উক্ত মন্তব্য প্ৰকাশ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ আৰু সম্পাদক মিঠুন দাসে কয় যে- মুছলমানৰ অত্যাচাৰত থাকিব নোৱাৰি ভাৰতৰেই অংগচ্ছেদ কৰি সৃষ্টি কৰা ইছলামিক দেশ আফগানিস্তান , পাকিস্তান আৰু বাংলাদেশৰপৰা অৱশিষ্ট ভাৰতখনলৈ গুছি অহা হিন্দু(বৌদ্ধ , জৈন , শিখ আদিকে ধৰি) লোকসকল দৰাচলতে দেশ বিভাজনৰ কৰুণ বলি ; যি বিভাজনৰ প্ৰতি এই লোকসকলৰ বা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কোনো অনুমোদন নাছিল ৷ যিসকলে বা যিসকলৰ পূৰ্বপুৰুষসকলে এখন স্বাধীন অখণ্ড ভাৰতৰ বাবে যুজিছিল , সেইসকলেই আজি মুছলমানৰ অত্যাচাৰত জৰ্জৰিত হৈ খণ্ডিত ভাৰতবৰ্ষত শৰণাৰ্থীৰূপে জীৱন অতিবাহিত কৰিব লগা হোৱাটো মানৱতাৰ বাবে এক গভীৰ ট্ৰেজেদী বুলি মন্তব্য দি বিবৃতিটোত সেনাৰ নেতাদ্বয়ে কয় যে- এই লোকসকলৰ প্ৰতি আমাৰ সামাজিক মন:স্তত্বৰ এক ইতিবাচক পৰিবৰ্তন আজি সময়ৰ আহ্বান ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে ভাৰতবৰ্ষত হিন্দুৰ সংখ্যা বৃদ্ধি পালে বেয়া পোৱা ইছলামিক সম্প্ৰসাৰণবাদী অপশক্তিৰ প্ৰৰোচনা আৰু ষড়যন্ত্ৰৰ জালত ভৰি দি অসমৰ জাতীয়তাবাদী সমাজখনৰো এক বুজন অংশ এইক্ষেত্ৰত বিপথে পৰিচালিত হোৱা পৰিলক্ষিত হৈছে ৷ একেটা বিবৃতিতে নাথ আৰু দাসে কয় যে হিন্দু সুৰক্ষা সেনা , অসম সদায় বিশ্বজনীন হিন্দু ঐক্যৰ পৃষ্ঠপোষক আৰু এইটো ক্ষেত্ৰতো সংগঠনটোৱে তেনে দৃষ্টিভংগীৰেই নিজৰ নীতি আৰু স্থিতি গ্ৰহণ কৰিছে ৷ লগতে আফগানিস্তান , পাকিস্তান আৰু বাংলাদেশত সুদীৰ্ঘকাল ধৰি নিৰৱচ্ছিন্নভাবে অমুছলমানৰ ওপৰত মুছলমানৰ নৃশংস অত্যাচাৰ চলি অহাৰ পিছতো বিষয়টো উপযুক্তভাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত চৰকাৰে তুলি নধৰাৰ বাবে সেনাৰ নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰে ৷