সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত সলনি হ’ল সমাধিক্ষেত্ৰৰ নাম
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ আজি ওপজা দিন। জন্ম শতবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক। আজিৰে পৰা বৰ্ষজোৰাকৈ ভূপেনদাৰ জন্মজয়ন্তী উদযাপন কৰিব অসম চৰকাৰে। সোমবাৰে তাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী বিমল বৰাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। ইফালে আজিৰে পৰা সমাধিক্ষেত্ৰক ‘সমন্বয় তীৰ্থ’ হিচাপে নামাকৰণ কৰে অসম চৰকাৰে । পুৱাই সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে সুধাকণ্ঠৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে । তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে জন্ম শতবাৰ্ষিকী উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰ বিষয়ে ৰাইজক অৱগত কৰে।অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান যে ‘‘ভূপেনদাৰ কথা স্মৰণ কৰিলে পাওঁ কোমল সহানুভূতি, প্ৰতিবাদ, আস্থা আদি সকলো। ভূপেনদাৰ সংগীত মনোৰঞ্জনৰ বাবে নহয়, গানবোৰ প্ৰতিবাদ আছিল। আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টোকা লিখিছে, বহুতো কাকতৰ লগতে প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমত প্ৰকাশ পাইছে। আজি পবিত্ৰ দিনটোত ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। অহা ১৩ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভূপেনদাক স্মৰণ কৰা হ’ব। সেই সভাত ভূপেনদাৰ নামত এটা মুদ্ৰা মুকলি কৰা হ’ব। ভূপেন দাৰ বিষয়ে এখন গ্ৰন্থ উন্মোচন কৰা হ’ব। ২০ লাখ পৰিয়ালক সেই গ্ৰন্থ খন প্ৰদান কৰা হ’ব। জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে বিশেষ আসন অলংকৃত কৰিব। ভূপেনদাৰ জন্ম শতবাৰ্ষিকী আৰু কেনেকৈ চিৰ সেউজ কৰিব পাৰি তাৰ বাবে ৰাইজৰ পৰামৰ্শ লাগিব। আজিৰ এই অনুষ্ঠানত আমি চৰকাৰী আৰু সামাজিকভাৱে পালন কৰিছোঁ। ৰাইজেও ভূপেনদাৰ শতবাৰ্ষিকী পালন কৰক। ভূপেন দাৰ সমাধি ক্ষেত্ৰৰ নাম ‘ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ’ বুলি নতুনকৈ নামাকৰণ কৰা হৈছে। অসমৰ প্ৰত্যেকখন বিহু সন্মিলনে এটা নিশা ভূপেন দাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছোঁ। কাৰণ এই বিহুটি ভূপেনদাৰ জন্ম শতবাৰ্ষিকীৰ সময়তে অনুষ্ঠিত হ’ব। ভূপেন দাৰ পিতৃ মাতৃ আৰু ভূপেনদাক স্মৰণ কৰি শ্ৰদ্ধা জনাইছোঁ।’’ আনহাতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘‘আজি এই পবিত্ৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ভূপেন দা লিখাৰে আজি সমগ্ৰ ভাৰতবৰ্ষই ভূপেন হাজৰিকাক আৰু এখোজ জানিবলৈ পাৰিলে। ১৩ ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া ৫ বজাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত সভা আয়োজন কৰা হৈছে। সেই সভাতেই ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত ৰিজাৰ্ভ বেংকৰ দ্বাৰা প্ৰস্তুত কৰা মুদ্ৰা মুকলি কৰা হ’ব। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা ভূপেন হাজৰিকাৰ জীৱন আধাৰিত গ্ৰন্থখন উন্মোচন কৰা হ’ব। ভৱিষ্যত সময়ত বহু কেইটা ভাষালৈ অনুবাদ কৰা হ’ব গ্ৰন্থখন। অসমৰ বাহিৰে কেইবাখনো ৰাজ্যত পালন কৰা হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। অৰুণাচল, মেঘালয়, মুম্বাই, দিল্লীত উদযাপন কৰা হ’ব অনুষ্ঠানসমূহ। অসম চৰকাৰে কলাক্ষেত্ৰত ভূপেন হাজৰিকা নামত এটা সংগ্ৰহালয় অনুমোদন জনাইছে। কম দিনৰ ভিতৰতে সংগ্ৰহালয়টোৰ কাম আৰম্ভ হ’ব।’’