ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰি এছিয়া কাপ হকী-ত চেম্পিয়ন ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় পুৰুষ হকী দলে বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী ২০২৫ৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰে। এই ঐতিহাসিক জয়েৰে অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় দলে পুৰুষ হকী এছিয়া কাপত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।ভাৰতীয় দলে এইদৰে চতুৰ্থবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। ইফালে খিতাপ জয়ৰ জৰিয়তে ভাৰতীয় দলে নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ২০২৬ৰ বাবেও যোগ্যতা অৰ্জন কৰিছে। মেচৰ আৰম্ভণিৰ পৰাই পৰিৱেশ আছিল উত্তেজনাপূর্ণ। মাত্র ৩১ ছেকেণ্ডৰ ভিতৰতে ভাৰতে গ’ল কৰে। এইটো সমগ্র টুর্ণামেণ্টৰ ভাৰতৰ সৰ্বাধিক দ্রুত গ’ল বুলি প্রমাণিত হয়। দ্বিতীয়াৰ্ধত উত্তেজনাময় এই খেলখনত আৰু এক চমক দিয়ে দিলপ্ৰীত সিঙে ৷ যি সময়ত দক্ষিণ কোৰিয়াই এটা গ’ল ওভোতাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল সেই সময়তে খেলৰ দ্বিতীয়াৰ্ধৰ ২৮ মিনিটত ভাৰতৰ হৈ দ্বিতীয়টো গ’ল দিয়ে দিলপ্ৰীত সিঙে ৷ ভাৰতে হাফ-টাইমত ২-০ৰ লীডৰ সৈতে নিয়ন্ত্রণ বজাই ৰাখিছিল। ৪৫তম মিনিটত দিলপ্ৰীতে পুনৰ গ’ল কৰে, তেওঁৰ সজাগতা প্ৰদৰ্শন কৰি নিজৰ দ্বিতীয় গ’ল কৰে। ইয়াৰ কিছু সময়ৰ পিছতে আমিত ৰোহিদাসে পেনাল্টী কৰ্ণাৰৰ জৰিয়তে চতুৰ্থ গ’ল কৰি ফলাফল নিশ্চিত কৰে। কোৰিয়াই ৫১তম মিনিটত এটা সান্ত্বনাসূচক গ’ল কৰিবলৈ সক্ষম হয়। এই জয় কেৱল গ’লৰ বিষয়ে নাছিল, বৰং শৃংখলা আৰু স্মার্ট খেলৰ প্ৰদর্শন আছিল। প্রশিক্ষক ক্রেগ ফুলটনে তেওঁৰ খেলুৱৈসকলক শান্ত থাকিবলৈ আৰু দৰ্শকৰ উৎসাহত উত্তেজিত নহ’বলৈ কৈছিল, আৰু দলে তেওঁৰ কথা নিখুঁতভাৱে পালন কৰিছিল। ভাৰতে হয়তো আগৰ খেলৰ দৰে আধিপত্য বিস্তাৰ কৰা নাছিল, কিন্তু তেওঁলোকে মিডফিল্ডত বিস্তৃতভারে খেলি, ধৈৰ্য্যৰে সুযোগ সৃষ্টি কৰি পৰিপক্কতা প্রদর্শন কৰিছিল। ইফালে মালয়েছিয়াই চীনক ৪-১ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰে, আনহাতে জাপানে বাংলাদেশক ৬-১ গ’লত পৰাজিত কৰি পঞ্চম স্থান লাভ কৰে আৰু বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ আশা জীয়াই ৰাখে।