ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ একাঁঞ্জলি শ্ৰদ্ধাঞ্জলি  – সমুজ্জ্বল ডেকা

ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ একাঁঞ্জলি শ্ৰদ্ধাঞ্জলি 

সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

নিশ্চিতভাৱে ক’ব লাগিব যে ৰাজ্যত প্ৰাতঃস্মৰণীয় সংগীতজ্ঞ বিশাল ব্যক্তিত্বৰ অধিকাৰী ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠক একাঁঞ্জলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ নিমিত্তে চৰকাৰী তথা বেচৰকাৰীভাৱে বৃহৎ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ বিভিন্ন ঠাইৰ লগতে অসম সাহিত্য সভাই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান পালনৰ প্ৰস্তুতি চলাইছে। ২০২৬ চনৰ ভিতৰত অসম সাহিত্য সভাৰ বিদেশী শাখাবোৰেও উদযাপন কৰিব শতবৰ্ষ অনুষ্ঠান। ৰাচিয়া, গ্রেট ব্রিটেইন, ছুইজাৰলেণ্ড, জাৰ্মানী, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, কুৱেট, ইউৰোপ আদি দেশত অনুষ্ঠান আয়োজন হ’ব। ভাৰতৰ বিভিন্ন ৰাজ্যতো অসমৰ বাহিৰে দিল্লী, আহমেদাবাদ, শ্বিলং, ত্ৰিপুৰা, অৰুণাচল, নাগালেণ্ড, মুম্বাই, কলকাতা আৰু উৰিষ্যাতো শাখা সাহিত্য সভাই শতবৰ্ষ পালন কৰিব। গতিকে ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰ বৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অসম সাহিত্য সভাই লোৱা সুন্দৰ পদক্ষেপক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।